ETV Bharat / state

অসম-মিজোৰাম সীমান্ত সংঘাতৰ বিৰোধিতাৰে শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jul 28, 2021, 1:03 PM IST

Updated : Jul 28, 2021, 1:25 PM IST

"বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা এই পৰ্যন্ত অসমৰ মুখ্যমন্ত্ৰীয়ে কি আলোচনা কৰিলে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত ? কিয় সীমা বিবাদ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কেন্দ্ৰই ? শেহতীয়াকৈ উত্তৰ-পূৰ্ৱাঞ্চললৈ আহিও কিয় এই বিষয়ত আলোচনা নকৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ?" শিলচৰত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত এই প্ৰশ্ন উত্থাপন কৰে প্রাক্তন সাংসদ সুস্মিতা দেৱৰ ।

Congress protest in demand of solve Assam Mizoram border issue
অসম-মিজোৰাম সীমান্তত সংঘটিত বৰ্বৰ কাণ্ডৰ বিৰোধিতাৰে শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ

শিলচৰ, ২৮ জুলাই : অসম-মিজোৰাম সীমান্ত(Assam-Mizoram border)ত সোমবাৰে অসম আৰক্ষী (Assam Police)ৰ ওপৰত মিজো আৰক্ষী(Mizo Police)য়ে নিৰ্বিচাৰ গুলীচালনা কৰাৰ পাছতে শিলচৰত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কাছাৰ কংগ্ৰেছে । অসম আৰু মিজোৰামৰ সীমা বিবাদৰ অন্ত পোলাব নোৱাৰাৰ বাবে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰকো তীব্ৰ সমালোচনা কৰিলে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা প্ৰাক্তন সাংসদ সুস্মিতা দেৱে (Sushmita Dev) ।

তেওঁ কয় যে, বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা মিজোৰামৰ আগ্ৰাসনে ভয়াৱহ ৰূপ লৈছিল । এই সমস্যাৰ সমাধান কৰিবলৈ কংগ্ৰেছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছিল । কিন্তু তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰই এই সন্দৰ্ভত কোনো গুৰুত্ব নিদিলে বুলি তেওঁ অভিযোগ উত্থাপন কৰে ।

অসম-মিজোৰাম সীমান্ত সংঘাতৰ বিৰোধিতাৰে শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ

তেওঁ লগতে কয় যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah) আৰু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই সঠিক পদক্ষেপ গ্ৰহণ কৰা হ'লে এতিয়া অসমৰ ৬ জন আৰক্ষী জোৱানে প্ৰাণ হেৰুৱাবলগীয়া নহ’লহেতেন ।

লগতে পঢ়ক: কেতিয়া অন্ত পৰিব সীমা বিবাদ: কি কয় মুখ্যমন্ত্ৰীয়ে

বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা এই পৰ্যন্ত অসমৰ মুখ্যমন্ত্ৰীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত কি আলোচনা কৰিছে সেয়াও ৰাজহুৱা কৰিবলৈ সুস্মিতা দেৱে দাবী জনায় । মিজোৰামত এন ডি এৰ (NDA) মিত্ৰ দলৰ চৰকাৰ আৰু অসমত বিজেপিৰ চৰকাৰে শাসন কৰি থকাৰ সময়ত দুয়োখন ৰাজ্যৰ সীমা বিবাদ সন্দৰ্ভত কিয় কেন্দ্ৰই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ উত্তৰ-পূৰ্ৱাঞ্চললৈ আহিও কিয় এই বিষয়ত আলোচনা নকৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে ।

আনহাতে, অসম-মিজোৰাম সীমান্তত প্ৰাণ হেৰুওৱা আৰক্ষী জোৱানসকলৰ প্ৰতি কংগ্ৰেছৰ নেতৃবৰ্গই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে তেওঁলোকৰ পৰিয়ালক কংগ্ৰেছৰ এটা প্ৰতিনিধিৰ দলে সাক্ষাৎ কৰিব বুলি সুস্মিতা দেৱে মন্তব্য কৰে ।

উল্লেখ্য যে, সোমবাৰে অসম-মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ লাইলাপুৰত মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ ওপৰত অপ্ৰৰোচিতভাৱে গুলীচালনা কৰে । এই ঘটনাত অসম আৰক্ষীৰ ৬ জন জোৱান শ্বহীদ হয় ৷ এই ঘটনাৰ পিছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধীয়ে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ।

লগতে পঢ়ক:দুৰ্বৃত্তই ভাঙিলে জাতিৰ পিতাৰ প্ৰতিমূৰ্তি

Last Updated : Jul 28, 2021, 1:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.