ETV Bharat / state

দুদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Jan 10, 2021, 8:28 PM IST

দুদিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকাত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ প্ৰথমটো দিনত বৰাকৰ পাঁচখন থানাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

cm-visited-to-silchar
দুদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত সৰ্বানন্দ সোণোৱাল

কাছাৰ, 10 জানুৱাৰী : আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া তৎপৰ হৈ পৰিছে শাসক বিৰোধী সকলো ৰাজনৈতিক দল ৷ ইতিমধ্য়ে শাসক বিৰোধী দল সমূহে ৰাজ্যৰ বিভিন্ন ঠাইত আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ ৷

ইফালে দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকাত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দেওবাৰৰ দিনটোত মুখ্যমন্ত্ৰী সোণোৱালে মৈত্ৰী আঁচনিৰ অধীনত 5খন থানাৰ ভৱন উদ্বোধন কৰে ৷ মৈত্ৰী আঁচনিৰ অধীনত দেওবাৰৰ দিনটোত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা থানা কেইখন হ‘ল ক্ৰমে উধাৰবন্দ, জয়পুৰ, ধলাই, বদৰপুৰ আৰু হাইলাকান্দি ৷ উধাৰবন্দৰ পৰা ৰিম‘ৰ্ট যোগে উদ্বোধন কৰে জয়পুৰ থানা আৰু ধলাইৰ পৰা বদৰপুৰ আৰু হাইলাকান্দি থানাৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰোপৰি ধলাইত এখন বায়ো ডাইভৰ্চিটি পাৰ্কো উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ৷ এই যাত্ৰাত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্তই ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীয়ে অংশ ল'ব ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.