ETV Bharat / state

মনোনয়ন পত্ৰ দাখিলক লৈ শিলচৰত উৎসৱমুখৰ পৰিৱেশ - assam assembly election

কাছাৰৰ 7 টা সমষ্টিৰ বাবে কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিল ৷ মনোনয়ন পত্ৰ দাখিলক লৈ উৎসৱমুখৰ পৰিৱেশ ৷ কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলৰে শীৰ্ষ নেতা সকলে দাখিল কৰিলে মনোনয়ন ৷

bjp and congress candidate filed nomination for seven constituency in cachar

author img

By

Published : Mar 12, 2021, 7:39 AM IST

শিলচৰ, 12 মাৰ্চ: বৃহস্পতিবাৰে শিলচৰত মনোনয়ন পত্ৰ দাখিলক লৈ শিলচৰত উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হ'ল ৷ বৃহস্পতিবাৰে কাছাৰৰ সাতটা বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছ আৰু বিজেপিৰ বহুকেইগৰাকী শীৰ্ষ নেতাই তেঁওলোকৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷

কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলৰে শীৰ্ষ নেতা সকলৰ মনোনয়ন দাখিল

মনোনয়ন দাখিল কৰা প্ৰাৰ্থী সকলৰ ভিতৰত বিজেপি প্ৰাৰ্থী সকলৰ মাজত আছে বিজেপিৰ প্ৰাৰ্থী সকলৰ মাজত ধলাইৰ পৰা পৰিমল শুক্লবৈদ্য, সোনাইৰ পৰা আমিনুল হক লস্কৰ, শিলচৰৰ পৰা দীপায়ন চক্ৰৱৰ্তী, উধাৰবন্দৰ পৰা মিহিৰ কান্তি সোম, লক্ষীপুৰৰ পৰা কৌশিক ৰায়, কাটিগড়াৰ পৰা গৌতম ৰয় আৰু বড়খলাৰ পৰা অমলেন্দু দাস ৷

বিজেপি প্ৰাৰ্থী সকলৰ সমান্তৰালকৈ কংগ্ৰেছৰ হৈ শিলচৰৰ পৰা তমাল বনিক, উধাৰবন্দৰ পৰা অজিত সিং, লক্ষীপুৰৰ পৰা মুকেশ পাণ্ডে, বড়খলাৰ পৰা মিসবাহুল ইসলাম লস্কৰ, ধলাইৰ পৰা কামাখ্যা মালাই মনোনয়ন পত্ৰ দাখিল কৰে ৷

উল্লেখ্য যে, মুঠ তিনিটা পৰ্যায়ত এইবাৰ অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ 27 মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত ক্ৰমে 1 আৰু 6 এপ্ৰিলত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক: মৰিয়নীৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে অখিল গগৈয়ে: ৰাইজৰ দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.