কাছাৰ,15ডিচেম্বৰ: অসমত বসবাস কৰা বিষ্ণুপ্ৰিয়া মণিপুৰী লোকসকলৰ বাবে স্ব স্বায়িত্ব পৰিষদ গঠন কৰাৰ দাবীত পুনৰ সৰব হৈ পৰিছে বিষ্ণুপ্ৰিয়া মণিপুৰী লোক সকল ৷ দীৰ্ঘ দিন ধৰি এই দাবী উত্থাপন কৰি অহাৰ পিচত সোমবাৰে সন্ধিয়া পুনৰ ৰাজ্য জুৰি জোৰ সমদল উলিয়াই পৰিষদ গঠনৰ বাবে চৰকাৰক দাবী জনায় ৷ শিলচৰৰ কালিঙ্গি গাঁৱতো জোৰ সমদল উলিয়াই বিষ্ণুপ্ৰিয়া মণিপুৰী লোক সকলে ৷ এই সমদলেৰে বিষ্ণপ্ৰিয়া মণিপুৰী সকলৰ বাবে স্ব স্বায়িত্ব পৰিষদ গঠন কৰাৰ দাবী জনায় ৷
উল্লেখ্য যে,বৰাক উপত্যকাৰ তিনিখন জিলাত বসবাস কৰা বিষ্ণুপ্ৰিয়া মণিপুৰী লোকসকলে জোৰ সমদলেৰে বিধানসভাৰ আগন্তুক শীত কালীন অধিবেশনত বিষ্ণুপ্ৰিয়া মণিপুৰী সকলৰ বাবে অটোনমাছ কাউঞ্চিল উত্থাপন কৰি গৃহীত কৰাৰ বাবে দাবী জনাইছে ৷
অন্য এক খবৰৰ বাবে: পৃথিৱীৰ পৰা ১০০ মিলিয়ন কিলোমিটাৰ দূৰৈত অৱস্থান চীনৰ মংগল যান