কাছাৰ, 25 জুলাইঃ কৰিমগঞ্জৰ পৰা বাংলাদেশলৈ বিতাৰণ 30 জন বাংলাদেশী ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ 30 জন বাংলাদেশীক বৃহস্পতিবাৰে সূতাৰ কান্দি সীমান্তৰে ঘৰলৈ পঠাব অসম আৰক্ষীয়ে ৷ বৰ্তমান পৰ্যন্ত 124 জন বাংলাদেশী অসমৰ পৰা বাংলাদেশলৈ বিতাৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে অসম আৰক্ষীয়ে ৷ উল্লেখ্য যে, 4 বছৰ পূৰ্বে কাছাৰ জিলাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল দুইজন বাংলাদেশী আব্দুল কুদ্দুছ আৰু নুৰুল অমিন ৷ কৰিমগঞ্জৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল দুজন বাংলাদেশী ৷ 4 বছৰ শিলচৰৰ জেলত থকাৰ পাচত বৃহস্পতিবাৰে সূতাৰ কান্দি সীমান্তৰে বিতাৰণ কৰিব বাংলাদেশী দুজনক ৷
বাংলাদেশলৈ বিতাৰণ 30 বাংলাদেশী - bangladesh
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ 30 জন বাংলাদেশীক বৃহস্পতিবাৰে সূতাৰ কান্দি সীমান্তৰে ঘৰলৈ পঠাব অসম আৰক্ষীয়ে ৷
![বাংলাদেশলৈ বিতাৰণ 30 বাংলাদেশী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3938937-thumbnail-3x2-66666.jpg?imwidth=3840)