শিলচৰ, 17 জুনঃ আসাম বিশ্ববিদ্যালয় বচাবলৈ পুনৰ বাৰ আন্দোলনৰ পথত নামিব অল কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ষ্টুডেন্ট এছচিয়েচন চমুকৈ ACKHSA (আকসা)ই। বুধবাৰে শিলচৰৰ প্ৰেছক্লাবত এক সাংবাদমেল সম্বোধন কৰি সংস্থাটোৱে এই কথা প্ৰকাশ কৰে ।
সদ্য প্ৰকাশ পোৱা NIRF ৰ ৰেংকিংত 100 খন শিক্ষানুষ্ঠান তালিকাৰ পৰা বাহিৰ হৈছে আসাম বিশ্ববিদ্যালয় । ইয়াৰ বাবে সংগঠনটোৱে জগৰীয়া কৰিছে বৰ্তমান উপাচাৰ্য আৰু বিশ্ববিদ্যালয় খনৰ কিছুমান কৰ্মকর্তাক । এই পৰিস্থিতিৰ পৰা আসাম বিশ্ববিদ্যালয়ক বচাবলৈ তিনিখন জিলাৰ ৰাইজৰ সৈতি মিলি আন্দোলনত নামিব বুলি প্ৰকাশ কৰে সংগঠনটোৱে ।
লগতে চাওকঃ এমিড মহামাৰীৰ সৈতে দুই যুদ্ধত ব্ৰতী সংঘৰ্ষ মাৰ্কিন সৈনিকসকল