কাছাৰ,7 জানুৱাৰী: শিলচৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন সামাজিক-সাংস্কৃতিক সন্থাৰ কৰ্মকৰ্তা আৰু আন সদস্যসকলে ৷ 5 জানুৱাৰীত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত কোনো দুৰ্বত্তই প্ৰৱেশ কৰি বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ ওপৰত চলোৱা আক্ৰমণৰ বাবে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷
উল্লখ্য যে,5 জানুৱাৰীৰ সন্ধিয়া দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত মূৰত টুপী আৰু মুখত কাপোৰ বান্ধি কোনো দুৰ্বত্তই প্ৰৱেশ কৰে ৷ দুৰ্বৃত্তৰ দলটোৰ হাতত আছিল লাঠি,ৰ'ড আৰু হকী ষ্টিক ৷ দুৰ্বত্তৰ দলটোৱে জে এন ইউৰ চৌহদত প্ৰৱেশ কৰি ছাত্ৰবাস আৰু ছাত্ৰীনিবাস ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে এফালৰ পৰা আক্ৰমণ কৰে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে গৱেষক,অধ্যাপক-অধ্যাপিকাসকলক ৷ এই আক্ৰমণত প্ৰায় 30 গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে ছাত্ৰ একতা সভাৰ সভাপতি আইছি ঘোষ আহত হৈছিল ৷
অন্য এক খবৰৰ বাবে : ৰাষ্ট্ৰপতিলৈ স্বেচ্ছা মৃত্যুৰ আবেদন প্ৰেৰণ ১৫৩০ গৰাকী শিক্ষকৰ!
ইফালে, এই ঘটনাৰ পাছতেই সৰ্বত্ৰে সৃষ্টি হয় চাঞ্চল্য ৷ বিশ্ববিদ্যালয়ৰ চৌহদত দুৰ্বত্তই প্ৰৱেশ কৰি চলোৱা আক্ৰমণক সকলোৱে গৰিহণা দি দোষীক শাস্তিৰ দাবী জনায় দেশৰ প্ৰান্তে-প্ৰান্তে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷