কাছাৰ, 12 অক্টোবৰ : কংগ্ৰেছ আৰু এ আই ইউ ডি এফ মিত্ৰজোঁট হ'লে বৰাকত বিজেপিয়ে এখনো আসন নাপায় । 3 দিনৰ বাবে বৰাক ভ্ৰমণলৈ আহি আহি এই মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই । লগতে, শেহতীয়াকৈ দলৰ পৰা বহিষ্কৃত হোৱা ৰুমী নাথ আৰু ৰাজদ্বীপ গোৱালা সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য সভাপতিগৰাকীৰ ৷
তেওঁ আকৌ কয় যে, তেওঁলোকে দুখন নাৱত দু-ভৰি থৈ ৰাজনীতি কৰিব বিচাৰিছে ৷ দিনত কংগ্ৰেছ কৰি ৰাতি বিজেপি কৰা লোকৰ বাবে কংগ্ৰেছৰ আসন নাই বুলিয়ো স্পষ্ট কৰে ৰিপুন বৰাই ৷
লগতে পঢ়ক : লক ডাউনত বৃদ্ধি পাইছে নেকি অপৰাধজনিত ঘটনা ?