কাছাৰ, 22 মাৰ্চঃ কাছাৰজিলাৰ বড়খলাস্থিত ভাৰতীয় তৈল নিগম (IOC)ৰ গেছ বটলিং প্লেন্টত শুকুৰবাৰে শ্ৰমিকৰ প্ৰতিবাদ ৷ তথ্য অনুসৰি 27 বছৰ ধৰি কাম কৰি অহা লোডিং আনলোডিং শ্ৰমিকক বাদ দি নতুনকৈ ট্ৰান্চপোৰ্টাৰৰ 30 জন মানুহক নিযুক্তি প্ৰদান কৰাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে পুৰণি শ্ৰমিক সকলে ৷
প্লেন্টৰ সন্মুখতে বিভিন্ন ধ্বনিৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ ফলত গেছ প্লেন্টত একপ্ৰকাৰৰ কাম স্তব্ধ হৈ পৰে ৷ গেছ ভৰ্তি গাড়ীও ভিতৰলৈ প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
উল্লেখ্য যে, 1991 চনৰ পৰা কাম কৰি অহা শ্ৰমিক সকলক কাম কৰাৰ সুযোগ দিয়া নহ'লে আন্দোলন চলি থাকিব বুলি মন্তব্য কৰে শ্ৰমিক সকলে ৷