শিলচৰ, 2 ফেব্ৰুৱাৰী: শিলচৰৰ বিধায়ক দিলীপ পালৰ বাসগৃহ ঘেৰাও কৰিলে পাঁচগ্ৰাম কাগজ কল কৰ্মচাৰী সকলে ৷ উল্লেখ্য যে, দীৰ্ঘ দিন ধৰি শিলচৰৰ পাঁচগ্ৰাম কাগজ কলটো বন্ধ কৰি ৰাখিছে চৰকাৰে ৷ উক্ত কাগজ কলটো বন্ধ কৰাৰ ফলত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে কাগজ কলটোৰ কৰ্মচাৰী সকলৰ ৷ ইফালে স্থানীয় বিধায়ক দিলীপ পালে কাগজ কলটো পুনৰ কাৰ্যক্ষম কৰিম বুলি কৰ্মচাৰী সকলক প্ৰতিশ্ৰুতি দিছিল যদিও উক্ত কাগজ কলটো খোলাৰ বাবে আজিলৈকে কোনো ধৰণৰ পদক্ষেপ নোলোৱাত ক্ষুব্ধ হৈ পৰে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি আজি ৰাতিপুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ট বজালৈ বিধায়ক দিলীপ পালৰ বাসগৃহ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী সকলে ৷
বাসগৃহ ঘেৰাও কাৰ্যসূচীৰ মাজতে বিধায়ক দিলীপ পালে কাগজ কলটোৰ কৰ্মচাৰী সকলক মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে কথা পাতাই দিয়ে ৷ ইয়াৰ পিছতে অতি শীঘ্ৰেই উক্ত কাগজ কলটো পুনৰ কাৰ্যক্ষম কৰাৰ লগতে কৰ্মচাৰী সকলৰ সমস্যা সমূহ সমাধানৰ আশ্বাস দিয়াত প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে প্ৰতিবাদকাৰী সকলে ৷ শীঘ্ৰেই যদি কাগজ কলটো খোলাৰ ব্যৱস্থা নকৰে, তেনেহ'লে অনাগত দিনত ইয়াৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷