ETV Bharat / state

কাছাৰত পুনৰ অস্ত্ৰৰ ঝনঝননি - মিজোৰাম আৰক্ষী

এখন শিল কঢ়িয়াই লৈ গৈ থকা গাড়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ কাটিগড়াৰ বিহাড়া হাৰাঙত ৷ ঘটনাস্থলীত ইতিমধ্যে বন সংমণ্ডল বিষয়া(forest ranger) পিংকু সিনহা উপস্থিত হৈছে যদিও লগত কোনোধৰণৰ অস্ত্ৰ-শস্ত্ৰ নোহোৱাৰ বাবে বিষয়া গৰাকীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ৷

another firing incident in cachar district assam
কাছাৰত পুনৰ অস্ত্ৰৰ ঝনঝননি
author img

By

Published : Jul 30, 2021, 2:17 PM IST

Updated : Jul 30, 2021, 7:05 PM IST

শিলচৰ, 30 জুলাই : শুকুৰবাৰে, কাছাৰ জিলাৰ কাটিগড়াৰ বিহাড়া হাৰাঙত শিলৰ কুৱৰীৰ পৰা শিল কঢ়িয়াই লৈ গৈ থকা গাড়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনা সংঘটিত হয় ৷ দুস্কৃতিকাৰীয়ে এইদৰে শিল কঢ়িয়াই নিয়া গাড়ীলৈ গুলীচালনা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ প্ৰাপ্ত তথ্য মতে, ঘটনাস্থলীত সময় মতেই উপস্থিত হয় বন সংমণ্ডল বিষয়া(forest ranger) পিংকু সিনহা ।

কাছাৰত পুনৰ অস্ত্ৰৰ ঝনঝননি

অৱশ্যে, ঘটনাৰ প্ৰায় দুই ঘণ্টা অতিবাহিত হোৱাৰ পিছতো ঘটনা স্থলীত উপস্থিত নহ'ল আৰক্ষী বাহিনী(police force)। গুলীচালনাৰ ঘটনাৰ পিছত সেই স্থানত কৰ্মৰত হৈ থকা লোক সকলো আতংকিত হৈ পলাবলৈ বাধ্য হ'য় ৷ ইফালে, লগত কোনোধৰণৰ অস্ত্ৰ-শস্ত্ৰ নোহোৱাৰ বাবে বিষয়া গৰাকীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হয় ৷

উল্লেখযোগ্য যে, চুবুৰীয়া ৰাজ্য মিজোৰামৰ সৈতে লাইলাপুৰত তীব্ৰ সংঘাটময় অৱস্থাত চলি থকা সীমা বিবাদ(assam mizoram border dispute)ৰ ঘটনাৰ মাজতে জিলাখনত সংঘটিত হোৱা এনে ঘটনাই স্বাভাৱিকভাৱেই আতংকৰ সৃষ্টি কৰিছে ৷ 26 জুলাইত মিজোৰামৰ আৰক্ষী তথা দুৰ্বৃত্ত(Mizoram police and miscreants)ই গুলীচালনা কৰা ঘটনাত ইতিমধ্যে, 6 জনকৈ অসম আৰক্ষী বাহিনীৰ লোক নিহত হৈছে ৷ মুঠৰ ওপৰত কাছাৰ জিলাৰ লগতে সমগ্ৰ বৰাক উপত্যাকাবাসী ৰাইজে অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজত সময় অতিবাহিত কৰিব লগীয়া হৈছে ৷

লগতে পঢ়ক : অমলেট খাবলৈ নাপাই তোতা মিঞাই পত্নীক কি কৰিলে জানে নে ?

Last Updated : Jul 30, 2021, 7:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.