শিলচৰ, 2 এপ্ৰিল: অৱশেষত ক্ষুব্ধ ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰা হ'ল কাছাৰ সোনাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী আমিনুল ইছলাম লস্কৰক ৷ এডিজিপি এচ. এন সেন আৰু কাছাৰ আৰক্ষী অধীক্ষক ভানৱাৰ লাল মিনাই বিজেপি প্ৰাৰ্থী গৰাকীক ক্ষুব্ধ ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে ৷
জানিব পৰা মতে, বৃহস্পতিবাৰে ৰাজ্যত অনুষ্ঠিত হৈছিল অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সামৰণি পৰিবলৈ কিছু সময় বাকী থকাৰ সময়তে অঞ্চলটোত এক বিক্ষিপ্ত ঘটনা সংঘটিত হয় আৰু হঠাৎ হোৱা গুলিচালনাত তিনিগৰাকী লোক আঘাতপ্ৰাপ্ত হয় ৷
এই ঘটনাৰ পাছতে অঞ্চলটোৰ আৰু অধিক পৰিৱেশ উত্তপ্ত হৈ পৰে ৷ আমিনুল ইছলামৰ গুণ্ডাগিৰি নচলিব বুলি হুংকাৰ দি স্থানীয় ৰাইজে বিধায়ক গৰাকীৰ ফালৰ পৰা গুলিচালনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰে ৷
জানিব পৰা মতে, সোনাই ধনেৰিৰ ক্ষুব্ধ ৰাইজে প্ৰায় 4 ঘন্টা সময় ধৰি 463 নম্বৰ মধ্য নম্বৰ মধ্য ধনৰি এল পি স্কুলত বিজেপি দলৰ প্ৰাৰ্থী আমিনুল ইছলামক আটক কৰি ৰাখিছিল ৷
লগতে পঢ়ক: কলাইগাঁৱত নিৰ্বাচনী হিংসা, আৰক্ষীৰ গুলীচালনাত আহত 3