ETV Bharat / state

শিলচৰত AABHAৰ সভাত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি - All Assam Bengali Hindu Association organize meeting at Silchar

অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ স্বাৰ্থত,ভাৰতৰ স্বাৰ্থত আনিবই লাগিব বুলি মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যৰ ৷ শিলচৰত সোমবাৰে অনুষ্ঠিত হোৱা "অল আছাম বেংগলী হিন্দু এচ'ছিয়েশ্বন"ৰ সভাত এইদৰে মন্তব্য কৰাৰ লগতে অসমত ইছলামিক আগ্ৰাসন ৰোধ কৰিবলৈ সকলোৱে একেলগে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰে বৈশ্যই ৷

শিলচৰত AABHAৰ সভা
author img

By

Published : Oct 21, 2019, 4:35 PM IST

শিলচৰ, 21 অক্টোবৰঃ সোমবাৰে শিলচৰত অনুষ্ঠিত হৈ যায় "অল আছাম বেংগলী হিন্দু এচ'ছিয়েশ্বন"ৰ এখন সভা ৷ বেংগলী হিন্দু অসমৰ অবিচ্ছেদ্য অংগ শীৰ্ষক বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই ৷ শিলচৰৰ ইণ্ডিয়া ক্লাৱ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায় সভাখন ৷

শিলচৰত AABHAৰ সভা

লগতে পঢ়কঃ চোৰাং কাঠ আৰু মাছ ব্যৱসায়ীৰ ৰম্যভূমিলৈ পৰিণত হৈছে লাওখোৱা অভয়াৰণ্য !!!

সভাত অংশগ্ৰহণ কৰি কেবাটাও মন্তব্য প্ৰদান কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই ৷ বলেন বৈশ্যই কয় যে,"বৰাক-ব্ৰহ্মপুত্ৰৰ শক্তিশালী সমন্বয়ৰ বুনিয়াদ নিৰ্মাণ হৈছে ৷ অসমত ইছলামিক আগ্ৰাসনৰ ভয়াৱহতা বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাত পৰিছে ৷ একত্ৰিতভাৱে আগবঢ়াৰ বিকল্প নাই ৷ আমি সকলোৱে একত্ৰিতভাৱে আগবাঢ়িব লাগিব ৷ আমি সকলোৱে সংকল্প লৈছো,"ভাৰত ভূমিত কোনো হিন্দুৱে বিদেশী হ'ব নোৱাৰে ৷"

আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈয়ো মন্তব্য কৰে বৈশ্যই ৷ বৈশ্যৰ মতে, "NRCত যিখিনি লোকৰ নাম বাদ পৰিছে তাক চাই এইখন এখন ইছলামিক NRC হৈছে ৷ ইয়াক ইছলামিক NRC জেহাদ বুলি ক'ব পাৰো ৷ ইয়াক কোনো কাৰণতে মানি নলও,এখন শুদ্ধ NRC আমাৰ কাম্য ৷"

লগতে পঢ়কঃ কপিলী জলবিদ্যুৎ প্ৰকল্পত নিখোজ অভিযন্তাক উদ্ধাৰ

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ দাবী উত্থাপন কৰি বৈশ্যই কয় যে,"আমি কৈছো যে,CAB আমাক লাগে আৰু পাকিস্তান,আফগানিস্তান,বাংলাদেশ আদি দেশৰ পৰা নিৰ্যাতনৰ বলি হৈ অহা হিন্দুক সুৰক্ষা দিয়াটো ভাৰতৰ এক নৈতিক দায়িত্ব আছে, সেই দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ল'ব লাগিব ৷ চৰকাৰে Uniform Civil Code আনিব লাগে,ইছলামিক আগ্ৰাসন বাধা দিব লাগে আৰু মাতৃভূমিক পৰম বৈভৱ কৰাৰ স্বাৰ্থত আমি সকলোৱে একত্ৰিতভাৱে আগবাঢ়ি যাম ৷ 1950 Immigration Expulsion Act অসমত প্ৰযোজ্য হ'ব লাগে ৷"

সভাত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৰাক উপত্যকাৰ বহুটো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

Intro:শিলচৰত সিন্ধু সম্মেলন ।অসমীয়া সমাজক সমালোচনা।Body:অসমত বঙালী অসমীয়া নেপালী আদিকে ধৰি হিন্দু সকলৰ নাম নাগৰিক পঞ্জী আহিলেও তেওঁ এই ৰাজ্যত ভগনীয়া হব যদি তেওঁ লোকে নিজৰ সংস্কৃতি ৰক্ষা কৰিবলৈ যত্ন নকৰে। শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষক জ্ঞানেন্দ্র বর্মণে এই সতৰ্কবাণী দিছে। তেওঁ শিলচৰৰ ইণ্ডিয়া ক্লাব ইনডোৰ স্টেডিয়ামত 'অল আসাম বেঙলি হিন্দু এচচিয়েছন' সংক্ষেপে আভা আয়োজিত এখন আলোচনা সভাত বক্তব্য ৰাখিছিল। ---- বাইট

তেওঁ পিছত কেইবাজনো বঙালী বিশিষ্ট ব্যক্তিৰ নাম উল্লেখ কৰি কয়, আজি ভাষাৰ পৰিচয় ডাঙৰ নহয়। এই বঙালী মনীষী সকলক বাদ দি অসমীয়া পৰিচয় হব নোৱাৰে। --- বাইট

এই সভাত বক্তব্য ৰাখিবলৈ গৈ হিন্দু যুব ছাত্র পৰিষদৰ সভাপতি বলেন বৈশ্যয় কয় ৰাজ্যত এটা চক্ৰ বঙালী অসমীয়া ভাষী বুলি বিভাজিত কৰিবলৈ চেষ্টা কৰি আছে। এই চক্ৰান্ত প্ৰতিহত কৰিব লাগিব। তেওঁ পিছত কয়, অসমত মুছ্লিম অনুপ্ৰবেশ চলিছে আৰু তেওঁ অসমীয়া ভাষা সংস্কৃতি এৰি আৰবৰ সংস্কৃতি প্ৰচাৰ কৰিছে। ----- বাইট

তেওঁ কেইজনমান বঙালী ব্যক্তিৰ অশেষ অবদানৰ উল্লেখ কৰি কয়, আজিৰ উগ্ৰ জাতীয়তাবাদী অসমীয়া সকলে এই বঙালী মনীষী সকলৰঅবদান পাহৰিলে নহ'ব । ---- বাইটConclusion:Nrc নামানে সংগঠনে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.