ETV Bharat / state

শিলচৰত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ প্ৰতিবাদকাৰী - Silchar

প্ৰতিবাদকাৰীসকলে চহৰখনৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰিবলৈ সাজু হোৱা সময়তে আৰক্ষীয়ে সমদলৰ অনুমতি নোহোৱাৰ দোহাই সমদলকাৰীসকলক বাধা প্ৰদান কৰে ৷

Agitation by Left Party members over different issue
শিলচৰত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ প্ৰতিবাদকাৰী
author img

By

Published : Nov 21, 2020, 7:45 PM IST

শিলচৰ, 21 নৱেম্বৰ : কেন্দ্ৰীয় চৰকাৰৰ বিভিন্নজন বিৰোধী নীতিৰ বিৰুদ্ধে অহা 26 নবেম্বৰত দেশজুৰি আহ্বান জনোৱা ভাৰত বন্ধৰ সমৰ্থনত শনিবাৰে শিলচৰত এক বিশাল সমদল উলিওৱাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে সমদলকাৰীসকলক ৷ CPI, CPI(ML) নিৰ্মাণ মজদুৰ ইউনিয়ন, অংগনবাদী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজনৰ ৰান্ধনীসহ কেইবাটাও বাওঁপন্থী সংগঠনৰ নেতা কৰ্মী কাছাৰৰ বিভিন্ন প্ৰান্তৰ পৰা আহি নৰছিং তোলা ময়দানত সমবেত হয় ৷ প্ৰতিবাদকাৰীসকলে চহৰখনৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰিবলৈ সাজু হোৱা সময়তে আৰক্ষীয়ে সমদলৰ অনুমতি নোহোৱাৰ দোহাই সমদলকাৰীসকলক বাধা প্ৰদান কৰে ৷ নৰছিংতোলা ময়দানৰ বিভিন্ন পথেৰে সমদলকাৰীসকল যাব বিচাৰে যদিও আৰক্ষীয়ে চাৰিওফালৰ পৰা তেওঁলোকক বাধা দিয়ে ৷

Agitation by Left Party members over different issue
শিলচৰত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ প্ৰতিবাদকাৰী

প্ৰতিবাদীসকলে বলপূৰ্বকভাবে সমদল উলিয়াব বিচৰাত আৰক্ষীয়ে পাচত আটাইকে গ্ৰেপ্তাৰ কৰে ৷ ইফালে, প্ৰশাসন আৰু আৰক্ষীয়ে সমদলৰ অনুমতি নিদিয়াত প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে বাওঁপন্থী নেতাসকলে ৷ গণতান্ত্ৰিক ভাবে আয়োজন কৰা এই সমদলক বাধা দিয়াত আৰক্ষী আৰু জিলা প্ৰশাসনক তীব্ৰ সমালোচনা কৰে সংগঠনকেইটাই ৷ অহা 26 নবেম্বৰত আহ্বান দিয়া ভাৰত বন্ধ সৰ্বাত্মক ভাবে পালন কৰিবলৈ তেওঁলোকে ৰাইজক আহ্বান জনায় ৷

লগতে পঢ়ক: পূৰ্ণ গতিত চলিছে শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ ৰাসোৎসৱৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.