ETV Bharat / state

17 year old teenager died: অন্ধবিশ্বাসৰ বলি হৈ অকাল মৃত্যু জলাতংকত ভোগা কিশোৰৰ - অন্ধবিশ্বাসৰ ফলত ভয়ংকৰ ঘটনা

অন্ধবিশ্বাসৰ ফলত ভয়ংকৰ ঘটনা ৷ পিতৃ-মাতৃৰ ভুলৰ বাবেই ১৭ বছৰীয়া কিশোৰে অকাল মৃত্যু সাৱটি ল’বলগীয়া হয় (17 year old teenager died ) ৷

17 year old teenager died
dvকুকুৰৰ দৰে আচৰণ কৰি কিশোৰৰ অকাল মৃত্যু
author img

By

Published : Apr 20, 2023, 8:17 PM IST

কুকুৰৰ দৰে আচৰণ কৰি কিশোৰৰ অকাল মৃত্যু

কৰিমগঞ্জ, 20 এপ্ৰিল : একবিংশ শতিকাৰ সময়তো আমাৰ সমাজৰ পৰা এতিয়াও অন্ধবিশ্বাসৰ ভাৱধাৰা আঁতৰ হোৱা নাই (Superstition case in Assam)৷ অন্ধবিশ্বাস আমাৰ সমাজত এতিয়াও বিৰাজমান (victim of superstition)। এইবাৰ কাছাৰ জিলাৰ নৰসিংহপুৰত অন্ধবিশ্বাসৰ ফলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ অন্ধবিশ্বাসৰ বলি হৈ পিতৃ-মাতৃৰ ভুলৰ বাবেই এজন ১৭ বছৰীয়া কিশোৰে অকাল মৃত্যু সাৱটি ল’বলগীয়া হয় (17 years old teenager died ) ৷

ঘটনাৰ বিৱৰণী অনুসৰি কাছাৰ জিলাৰ নৰসিংহপুৰ গাঁৱৰ নিবাসী বিশ্বজিৎ নাথ নামৰ ১৭ বছৰীয়া এজন কিশোৰক কুকুৰে কামুৰিছিল ৷ চিকিৎসা বিজ্ঞানৰ মতে কুকুৰে কামোৰাৰ ২৪ ঘণ্টাৰ ভিতৰত চিকিৎসকৰ পৰা বিশেষ বেজী (vaccination) ল’ব লাগে। কিন্তু কিশোৰজনৰ পৰিয়ালে চিকিৎসকৰ সলনি তান্ত্ৰিকৰ ওচৰলৈ লৈ গ’ল কিশোৰজনক । পৰিয়ালটোৱে তন্ত্ৰ-মন্ত্ৰৰ সহায়ত কিশোৰজনক সুস্থ কৰাৰ চেষ্টা কৰিছিল । জানিব পৰামতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল তান্ত্ৰিকজনৰ কৰ্ম-কাণ্ড ৷

ইফালে দিন বাগৰি যোৱাৰ লগে লগে কিশোৰজনৰ শৰীৰৰ অৱস্থাৰ অৱনতি হ’বলৈ আৰম্ভ হ’ল (Teenage died for dog bite) ৷ তাৰ পিচতে কিশোৰজনৰ চৰিত্ৰত লাহে লাহে সলনি পৰিলক্ষিত কৰিছিল পৰিয়ালৰ লোকে ৷ কিশোৰজনে দিনক দিনে কুকুৰৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰিছিল ৷ মৃত্যুৰ ক্ষণ বাঢ়ি অহাৰ লগে লগে কিশোৰজনে কুকুৰৰ দৰে আচৰণ কৰাৰ প্ৰকোপ বৃদ্ধি হৈছিল ৷ কিন্তু কিশোৰজনৰ মাতৃ-পিতৃয়ে তেতিয়াও কিশোৰজনক চিকিৎসকৰ ওচৰলৈ লৈ যোৱাত কোনো সদিচ্ছা প্ৰকাশ কৰা নাছিল ৷ অৱশেষত কিশোৰজনে তন্ত্ৰ-মন্ত্ৰৰ ভয়াৱহ পৰিণতিৰ ফলত অকাল মৃত্যুক সাৱটি লয় ৷

লগতে পঢ়ক: Attempt to murder case: সময়মতে ভাত নিদিয়াৰ বাবেই কন্যাক ঘপিয়ালে পিতৃয়ে

এনে এক অভাৱনীয় ঘটনাৰ খবৰ পাই সচেতন ৰাইজ আচৰিত হৈ পৰে । ইয়াৰ দ্বাৰাই প্ৰমাণিত হয় যে অন্ধবিশ্বাসৰ কৰাল গ্ৰাসে এতিয়াও সমাজৰ এটা অংশ ধৰি ৰাখিছে । ভাবিলে আচৰিত লাগে যে সচেতনতাৰ অভাৱত মানুহে এতিয়াও অন্ধবিশ্বাসৰ মাজত প্ৰাণ আহুতি দিবলগীয়া হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.