ETV Bharat / state

শুৰ পোকৰ পৰা পৰিত্ৰাণ পাবলৈ মাণিকপুৰত লক্ষ্মী পূজা

কাৰোৰে যেন মূৰ তুলি চাবলৈ আহৰি নাই ৷ প্ৰখৰ ৰ’দকো নেওচি কৃষি পথাৰত সপোন ৰচিছে প্ৰত্যেকজন কৃষকে(Farmers busy in paddy fields of Assam)। পিছে কৃষকৰ সপোন থান-বান কৰিছে অচিন পোকে । শুৰ পোকৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ মাণিকপুৰৰ অদলাগুৰীত খেতি পথাৰত লক্ষ্মী পূজা কৰিলে কৃষক সকলে ।

author img

By

Published : Sep 12, 2022, 2:14 PM IST

Worship of Goddess Lakshmi in Manikpur
শুৰ পোকৰ পৰা পৰিত্ৰাণ পাবলৈ মাণিকপুৰত লক্ষ্মী পূজা

মানিকপুৰ, ১২ ছেপ্টেম্বৰ:বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অদলাগুৰী পুৰণিপাৰাত শুৰপোকৰ পৰা পৰিত্ৰাণৰ লগতে সকলো খেতি পথাৰত যি কোনো অপায়-অমঙ্গল নোহোৱাৰ বাবে গাঁৱৰ কৃষকসকলে লক্ষ্মী দেবীক পূজা (Worship of Goddess Lakshmi in Manikpur)অৰ্চনা কৰিছে। উল্লেখযোগ্য যে বিগত ১৫ বছৰ ধৰি এই পূজা-অৰ্চনা কৰি আহিছে কৃষকসকলে ।

ভুক্তভোগী কৃষকসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে অসমত কৃষি বিভাগ আছে যদিও কৃষকসকলক সহায়ৰ বাবে আগবাঢ়ি নাহে । এই বছৰটোত বানপানীয়ে জলা -কলা খুৱাইছে কৃষকসকলক । এই অঞ্চলটোৰ খেতি পথাৰত ভূতৰ ওপৰত দানহ পৰাদি আৰম্ভ হৈছে বহুতো অপায়-অমঙ্গল । নানা ধৰণৰ পোক-পৰুৱাই বিভিন্ন ধৰণে ক্ষতি সাধন কৰিছে ।

কৃষকসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে কুম্ভকৰ্ণ নিন্দ্ৰাত কৃষি বিভাগ । বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিও সুফল নাপাই লক্ষ্মী দেৱীৰ ওচৰত শৰণাপন্ন হবলৈ বাধ্য হৈছে । সেয়ে কৃষক ৰাইজে ব্যস্ত হৈ পৰিছে পূজাত । কৃষি পথাৰত যাতে কোনো অপায় -অমঙ্গল নহয় তাৰ বাবে প্ৰত্যেক বছৰে এই মাহত পূজা পাৰ্বন কৰা হয় বুলি কৃষকসকলে কয় । উল্লে্য় যে ১৫ বছৰ আগতে শালি খেতি শুৰপোকে তহিলং কৰিছিল । তাৰ পিছৰে পৰাই গাওঁবাসীয়ে এইমাহত ভগৱানক সন্তুষ্টি কৰাৰ বাবে পথাৰত পূজা অৰ্চনা আৰু নাম-কীৰ্তন কৰে। পথাৰত পূজা আৰু নাম-কীৰ্তন পাঠ কৰিলে কীট পতংগই শালিধান খেতি নষ্ট নকৰে বুলি ধৰ্মীয় বিশ্বাস আছে অঞ্চলটোৰ ৰাইজৰ ।

উল্লেখ্য় যে এটাৰ পাছত এটা সমস্যাই জুৰুলা কৰিছে খেতিয়ক সকলক । ৰাজ্য়ৰ বিভিন্ন অঞ্চলত শ শ বিঘা খেতি পথাৰত এক অচিন পোকৰ আক্ৰমনত ধান খেতি নষ্ট(Paddy crop damaged by unknown insect in Assam) হোৱাৰ উপক্ৰম হৈছে । প্ৰথমে বৰষুণৰ অভাৱত খেতি পথাৰত চিৰাল ফাঁট, তাৰ পাছত কিছু পৰিমানে বৰষুণ হৈছিল যদিও আন এক অচিন পোকৰ আক্ৰমনত ধান খেতি নষ্ট হোৱাত বিপাঙত পৰিছে খেতিয়ক সকলে । শুৰ পোকতকৈও এইবিধ পোক অতি ভয়ংকৰ বুলি খেতিয়ক সকলে মন্তব্য কৰিছে । কিয়নো শুৰ পোকে কঠিয়াৰ আগবোৰ খায় যদিও গুৰিৰ পৰা কুমলীয়া পাতবোৰ ওলাই থাকে ।

কিন্তু এই বিধ ভয়ংকৰ পোকে ধানৰ আগ নহয়, গুৰিৰ পৰা মাজৰ কুমলীয়া অংশ কাটি পেলোৱাত কঠিয়াৰ গছ সম্পূৰ্ণ ৰূপে নষ্ট কৰি পেলায় । এই বিধ অচিন পোকে কঠিয়া গছৰ ভিতৰত থাকি কঠিয়াৰ গছ কাটি পেলায়। ফলত ক্ৰমশ:বৃদ্ধি হৈছে অচিন পোকৰ আক্ৰমন । আনহাতে,পৰিতাপৰ বিষয় যে উক্ত ঘটনা সংক্ৰান্তত কৃষকসকলে কৃষি বিভাগৰ লোকক বাৰাম্বাৰ খবৰ দিয়াৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে কৃষক সকলে । অচিন পোকৰ আক্ৰমনৰ ফলত সৃষ্টি হোৱা এই সমস্যা সমাধানৰ বাবে চৰকাৰ তথা বিভাগীয় কতৃপক্ষক খেতিয়ক সকলে দাবী জনাইছে ।

লগতে পঢ়ক:কোকৰাঝাৰত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.