বঙাইগাঁও, 17 চেপ্তেম্বৰ : বঙাইগাঁৱৰ বৈধ পৰিমাণৰ বিজ্ঞান পৰিদৰ্শক কাৰ্যালয়ৰ জ্যেষ্ঠ পৰিদৰ্শক কান্তেশ্বৰ খাকলাৰীৰ বিৰুদ্ধে মহিলাক প্ৰলোভনৰে শাৰিৰীক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ জ্যেষ্ঠ পৰিদৰ্শকগৰাকীয়ে বিগত বহুদিনৰ পৰাই এগৰাকী মহিলাক ঘৰুৱা কামত নিয়োজিত কৰি আহিছিল ৷ মহিলাগৰাকীৰ অভিযোগ অনুসৰি, বিগত প্ৰায় দুবছৰ ধৰি তেঁও বিজ্ঞান পৰিদৰ্শকগৰাকীৰ ঘৰত বনকৰা মহিলাৰূপে নিয়োজিত আছিল ৷ বিবাহিত কান্তেশ্বৰ খাকলাৰীয়ে বিয়া আৰু অন্যান্য প্ৰলোভনৰে মহিলাগৰাকীৰ লগত শাৰিৰীক সম্পৰ্ক স্থাপন কৰি আহিছিল ৷ কিন্তু বিগত তিনিমাহ ধৰি মহিলাগৰাকীৰ দৰমহাক লৈ দুয়োজনৰ মাজত সৃষ্টি হয় মতানৈক্যৰ ৷ ইমানেই নহয়, মহিলাগৰাকীক তেঁওৰ কাৰ্যালয়ৰ কামতো নিয়োগ কৰিছিল খাকলাৰীয়ে ৷ কিন্তু শেহতীয়াকৈ হোৱা মত্যনৈক্যৰ পাচতেই কাৰ্যালয়ৰ চৌহদতে মহিলাগৰাকীক মাৰ-পিট কৰে পৰিদৰ্শকগৰাকীয়ে ৷
মাৰপিটৰ ঘটনাৰ পাচতেই মহিলাগৰাকীৰ ভৰ্তি কৰোৱা হয় বঙাইগাঁও অ-সামৰিক চিকিৎসালয়ত ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে বঙাইগাঁও সদৰ আৰক্ষী চকীত গোচৰ ৰজু কৰিছে যদিও গোচৰ উঠাই নললে কান্তেশ্বৰৰ খাকলাৰীৰ পত্নীৰ ভায়েকে পৰিয়ালটোক গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছে ৷