ETV Bharat / state

ভেকচিন প্ৰদানক লৈ মানিকপুৰত উত্তপ্ত পৰিস্থিতি - মানিকপুৰ

ক'ভিড প্ৰতিষেধক প্ৰদানক লৈ মাণিকপুৰত উত্তপ্ত পৰিস্থিতি ৷ প্ৰতিষেধক গ্ৰহণৰ বাবে চিকিৎসালয়লৈ যোৱাৰ পাচতো প্ৰতিষেধক নোপোৱাক লৈ এই পৰিস্থিতিৰ উদ্ভৱ হয় ৷

vaccine shortage at manikpur
ভেকচিন প্ৰদানক লৈ মানিকপুৰত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jun 25, 2021, 7:45 AM IST

মাণিকপুৰ, 25 জুন : বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ক’ভিড-19 প্ৰতিষেধক প্ৰদানক লৈ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । মূলতঃ ক'ভিড প্ৰতিষেধক গ্ৰহণৰ বাবে হাস্পতাললৈ গৈ প্ৰতিষেধক নোপোৱাকৈ ওভতি আহিবলগীয়া হোৱাৰ বাবেই চিকিৎসালয়খনত এনে পৰিস্থিতিৰ উদ্ভৱ হয় ৷ অভিযোগ অনুসৰি, মাত্ৰ 100 জন লোকক কুপন দি চিকিৎসালয় কৰ্তৃপক্ষই বাকীসকল লোকক ওভতাই পঠায় ৷

ভেকচিন প্ৰদানক লৈ মানিকপুৰত উত্তপ্ত পৰিস্থিতি

প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আন দিনৰ দৰে বৃহস্পতিবাৰেও সময় অনুযায়ী পুৱা ন বজাৰ পৰা ক’ভিড পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদান কৰা কাৰ্য আৰম্ভ হয় । চিকিৎসালয়খনৰ অধীনত থকা চাৰিটা উপ স্বাস্থ্য কেন্দ্ৰত চিকিৎসালয় কৰ্তৃপক্ষই ১০০ টাকৈ ভেকচিন বিতৰণ কৰি মানিকপুৰৰ বাবে ১০০ টা ভেকচিন ৰাখে ।

বৃহস্পতিবাৰৰ দিনটোতে প্ৰায় চাৰি শতাধিক লোকে স্বাৱ পৰীক্ষাৰ কৰাৰ বাবে ভিৰ কৰে ৷ উপায়ন্তৰ হৈ চিকিৎসালয় কৰ্তৃপক্ষই মাত্ৰ এশ জনক কুপন দি বাকীসকলক ওভতাই পঠায় আৰু তেওঁলোকক ভেকচিন আহিলে দিয়াৰ কথা ব্যক্ত কৰে ৷ ইয়াকে লৈ অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । জানিব পৰা মতে, জিলা স্বাস্থ্য মন্ত্ৰালয়ে ৫০০ জনক দিব পৰাকৈ ভেকচিন যোগান ধৰিছিল ৷

ইফালে, ক'ভিডৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি জোনাইৰ কবু চাপৰি অঞ্চলক কৰ'ণামুক্ত কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে জোনাই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু জে বি ডেভেলভমেন্ট ট্ৰাষ্টৰ তত্বাৱধানত তথা অন্তৰংগ এনজিঅ'ৰ সহযোগত 'মেগা ভেকচিনেশ্বন ড্ৰাইভ'ৰ অংশ হিচাপে 3 নং কবু চাপৰি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত ক'ভিড প্ৰতিষেধক শিবিৰ অনুষ্ঠিত কৰা হয় ৷

উল্লেখ্য যে, ক'ভিড-19ক প্ৰতিহত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো অব্যাহত আছে 'মেগা ভেকচিনেশ্বন ড্ৰাইভ' (Mega Vaccination Drive) ৷ চৰকাৰৰ এই প্ৰচেষ্টাৰ সঁহাৰি জনাই ৰাইজ স্বতঃস্ফূৰ্তভাৱে প্ৰতিষেধক গ্ৰহণৰ বাবে ওলাই আহিছে যদিও ঠাইয়ে ঠাইয়ে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰতিষেধক গ্ৰহণৰ বাবে যোৱাৰ পাচতো প্ৰতিষেধক নোলোৱাকৈ ওভতি আহিব লগা পৰিস্থিতিৰ ফলত স্বাভাৱিকতে এতিয়া ৰাইজ ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব শীৰ্ষস্থান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.