ETV Bharat / state

Gambler Arrest : জগদ্ধাত্ৰী মেলাৰ নামত মাণিকপুৰত বৃহৎ জুৱা

author img

By

Published : Nov 14, 2021, 8:22 PM IST

মাণিকপুৰৰ সোনাইকোলাত দুটাকৈ জুৱাৰী(Gambler) আটক আৰক্ষীৰ ৷ আটকাধীন জুৱাৰী দুটাৰ পৰা 5 খন মটৰ চাইকেল, জুৱাৰ সামগ্ৰী আৰু 8 হাজাৰ টকা জব্দ কৰে মাণিকপুৰ আৰক্ষী(Manikpur Police)য়ে ৷

gambler arrest at manikpur
মাণিকপুৰত জুৱাৰী আটক

বঙাইগাঁও, 14 নৱেম্বৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোনাইকোলাত দুটাকৈ জুৱাৰী(Gambler) আটক ৷ জগদ্ধাত্ৰী মেলাৰ নামত বৃহৎ জুৱা খেল চলি থকাৰ মাজতে মাণিকপুৰ আৰক্ষী(Manikpur Police)য়ে অভিযান চলাই আটক কৰে জুৱাৰী দুটাক ৷

gambler arrest at manikpur
জুৱা সামগ্ৰী

আটকাধীন জুৱাৰী দুটাৰ পৰা 5 খন মটৰ চাইকেল, জুৱাৰ সামগ্ৰী আৰু 8 হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ উল্লেখ্য যে, জগদ্ধাত্ৰী মেলাৰ নামত সোনাইকোলাত শনিবাৰে সন্ধিয়া ভাগৰ পৰাই বৃহৎ জুৱা খেল অনুষ্ঠিত হৈছিল ।

gambler arrest at manikpur
মাণিকপুৰত জুৱাৰী আটক

মাণিকপুৰ থানাৰ আৰক্ষীয়ে জুৱা চলি থকাৰ সময়তে ঘটনাস্থলীত উপস্থিত হয় ৷ আটকাধীন জুৱাৰী দুটাৰ নাম চবি আলী আৰু আছমত আলী ৷ সম্প্ৰতি মাণিকপুৰ আৰক্ষীৰ জিম্মাত আছে জুৱাৰী দুটা ৷

লগতে পঢ়ক : Two Arrested : হাতীৰ দাঁতসহ আৰক্ষীৰ জালত মিন্টু-ছাহজাহান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.