ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি - top ten at 11 am

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jul 25, 2021, 11:05 AM IST

চলন্ত ৰে'লৰ পৰা জপিয়ালে এগৰাকী মহিলাই

বদৰপুৰত চলন্ত ৰে'লৰ পৰা জপিয়ালে এগৰাকী মহিলাই ৷ পাথাৰকান্দিৰ ৰবিজুল হক নামৰ এজন যুৱকে পশ্চিমবংগৰ পৰা মহিলাগৰাকীক পলুৱাই আনিছিল বুলি জানিব পৰা গৈছে ৷

Tokyo Olympics : বেডমিন্টনৰ একক শাখাত পি ভি সিন্ধুৰ প্ৰথম বিজয়

দেওবাৰে টকিঅ' অলিম্পিকৰ গ্ৰুপ পৰ্যায়ৰ মহিলাৰ চিংগল খেলখনত ইজৰাইলৰ কেচনিয়া পলিকাৰপোভাক(Ksenia Polikarpova ) ২১-৭, ২১-১০ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে বিশ্ব চেম্পিয়ন বেডমিন্টন খেলুৱৈ পি ভি সিন্ধু(PV Sindhu) ৷ ইফালে, ৰ’ৱিঙত অৰ্জুন লাল জাট (Arjun Lal Jat) আৰু অৰবিন্দ সিঙ(and Arvind Singh)ৰ যুটিয়ে ছেমিফাইনেলৰ বাবে দুয়ো যোগ্যতা অৰ্জন কৰিছে ।

ভাৰত-বাংলা সীমান্তত ড্ৰাগছ মাফিয়াক এনকাউন্টাৰ

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা ৷ ভাৰত-বাংলা সীমান্তত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী ৷ কৰিমগঞ্জ আৰক্ষীৰ গুলিত গুৰুতৰভাৱে আহত ড্ৰাগছ সৰবৰাহকাৰী ৷

অলিম্পিকলৈ কোন গৈছে মুখ্যমন্ত্ৰী আৰু বিমল বৰা নে লাভলীনা ?

টকিঅ' অলিম্পিকলৈ অসম গৌৰৱ হিচাপে কোন গৈছে লাভলীনা নে হিমন্ত বিশ্ব শৰ্মা আৰু বিমল বৰা ? হৰ্ডিঙত লাভলীনা বৰগোঁহাইৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা আৰু বিমল বৰাৰ ফটোক লৈ ব্যাপক প্ৰতিক্ৰিয়া ৷

ভূপেন বৰা: ছাত্ৰ ৰাজনীতিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈকে

প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্বভাৰ লাভ কৰিলে প্ৰাক্তন বিধায়ক তথা সম্প্ৰতি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ভূপেন কুমাৰ বৰাই ৷ ইয়াৰ বাবে দলৰ নেতৃত্ব আৰু প্ৰতিগৰাকী দলীয় কৰ্মীৰ লগতে অসমৰ ৰাইজক সেৱা জনাইছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীয়ে ৷

বিজেপি গমন: বাজেট অধিৱেশন শেষ হোৱালৈ বাট চাইছে সুশান্তই

বিজেপি(BJP) গমনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে সুশান্ত বৰগোহাঁইৰ । অৱশ্যে এই পৰ্যন্ত বিশেষ কোনো মন্তব্য প্ৰকাশ কৰা নাই কংগ্ৰেছ বিধায়ক গৰাকীয়ে ৷

অশান্ত বাঘজানত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত সংঘাত

বাঘজানত পুনৰ উত্তপ্ত পৰিস্থিতি ৷ পুনৰ BGN ৫ নং তৈল খাদৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ বাঘজানবাসীৰ ৷ প্ৰতিবাদকাৰীক প্ৰতিহত কৰাৰ চেষ্টা আৰক্ষী-প্ৰশাসনৰ ৷ 144 ধাৰা জাৰি, শূন্যলৈ গুলীচালনা তিনিচুকীয়া আৰক্ষীৰ ৷ আহত ৬ জনকৈ প্ৰতিবাদকাৰী ৷

বদৰপুৰত ৰে'লৱে আৰক্ষীৰ জালত ১৫ গৰাকী ৰহিংগীয়া

ৰেলৱে আৰক্ষীয়ে আটক কৰা দলটোত আছে 6 টা শিশু, 6 গৰাকী পুৰুষ আৰু 3 গৰাকী মহিলা ৷ উল্লেখযোগ্য যে, এই 15 জনীয়া ৰহিংগীয়াৰ দলটোৱে ৰে'লযোগে আগৰতলালৈ যাবলৈ ওলোৱাৰ সময়তে আৰক্ষীৰ জালত পৰে ৷

ৰাষ্ট্ৰপতিৰ আগমনকলৈ জম্মু-কাশ্মীৰ আৰু লাডাখত কটকটীয়া কৰা হৈছে নিৰাপত্তা

ৰাষ্ট্ৰপতি কোবিন্দ দেওবাৰে শ্ৰীনগৰত উপস্থিত হ'ব আৰু দাল হ্ৰদৰ পাৰত থকা শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তন কেন্দ্ৰত কাশ্মীৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব । সোমবাৰে তেওঁ কাৰ্গিল বিজয় দিৱসৰ ২২ তম বাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিবলৈ লাডাখলৈ উৰা মাৰিব ।

অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাইৰ জন্মস্থান মণিপুৰত বিজয় উৎসৱ

টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক দখল কৰা ভাৰোত্তোলক মীৰাবাই চানুৰ পৰিয়াল আৰু বন্ধুবৰ্গও আনন্দত মতলীয়া হৈ পৰিছে । সংবাদ মাধ্যমৰ সন্মুখত নিজৰ আনন্দ প্ৰকাশ কৰি মীৰা বাইৰ ভাতৃয়ে কয় যে তেওঁলোক আজি বহুত সুখী ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.