ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 5, 2022, 3:05 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

ভয়াৱহ হ‍াৰত বৃদ্ধি পোৱা ক'ভিডৰ সংক্ৰমণক লৈ উদ্বিগ্ন চৰকাৰ

আজি বিয়লি অনুষ্ঠিত হ'বলগীয়া ৰাজ্য়িক কেবিনেট বৈঠকত ক’ভিড সংক্রমণৰ বিষয়টোৱে বিশেষ গুৰুত্ব পোৱাৰ সম্ভাৱনা । ক’ভিডৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থত স্বাস্থ্য বিভাগে গ্ৰহণ কৰিবলগীয়া সুৰক্ষামূলক ব্যৱস্থা সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰো সম্ভাৱনা আছে । বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ১৬১ জন ক'ভিডত আক্ৰ‍ান্ত হৈছে (Covid infection increases in Assam)। ৰাজ্যত আক্ৰান্তৰ হাৰ ৯.৮৭ শত‍াংশ ।

শিক্ষা মন্ত্রণালয়ৰ প্ৰতিবেদনত উন্মোচন অসমৰ ডিজিটেল শিক্ষা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ

দেশৰ ভিতৰতে সর্বনিম্ন স্থানত দক্ষিণ শালমাৰা-মানকাচৰ জিলা । লাভ কৰিলে মাত্র ১ পইণ্ট । অসমৰ ৩৩খন জিলাৰ ভিতৰত কামৰূপ মহানগৰ সৰ্বোচ্চ ১১ পইণ্ট লাভ । 'পার্ফমেন্স গ্রেডিং ইনডেস্ক ফৰ ডিষ্ট্ৰিকছ’ৰ (Performance Grading Index for Districts 2019-20) ২০১৯-২০ বৰ্ষৰ প্ৰতিবেদনত অসমৰ ডিজিটেল শিক্ষাৰ পুতৌজনক ছবি ।

হোজাইত বৃহৎ পৰিমাণৰ চুৰি স্মাৰ্টফোন জব্দ

আৰক্ষীয়ে সিং গাঁৱৰ আটিকুৰ ৰহমানৰ ঘৰত অভিযান চলাই জব্দ কৰে ৬০ টা ম'বাইল (60 stolen mobile seized in Hojai)। পুত্ৰ ইকবাল হুছেইনে মুম্বাইৰ পৰা উদালীৰ সিং গাঁৱৰ নিজ ঘৰলৈ ডাকযোগে পঠাইছিল ম'বাইল কেইটা । আটিকুল ৰহমানৰ পত্নী আৰু বোৱাৰিক সোধা-পোছাৰ বাবে আটক ।

কাজিৰঙাত শ্ৰীমদ্ ভাগৱত জ্ঞান মহাযজ্ঞ ও কথা প্ৰৱচন

বিশ্ব শান্তি প্ৰগতি তথা কাজিৰঙাৰ বন্যপ্ৰাণী আৰু বনকৰ্মীৰ মংগল কামনাৰ্থে কাজিৰঙাত আয়োজন কৰা হৈছে শ্ৰীমদ্ ভাগৱত জ্ঞান মহাযজ্ঞ ও কথা প্ৰৱচন ।

ইলোৰ্ডা কাপ বক্সিঙত ৰূপৰ পদক জয় যমুনা বড়োৰ

ইলোৰ্ডা কাপ (Elorda Cup) বক্সিঙত ৰূপৰ পদক জয় অসমকন্যা বস্কাৰ যমুনা বড়োৰ (Jamuna Boro won silver)৷

ক’লৈ গ’ল মন্ত্ৰী ! বিমল বৰাৰ গৃহ সমষ্টিত বানত ককবকাইছে ৰাইজে

মন্ত্ৰী বিমল বৰাৰ (Minister Bimal Bora) গৃহ সমষ্টিত বানাক্ৰান্ত ৰাইজৰ হাহাকাৰ পৰিস্থিতি ৷ "মন্ত্ৰীয়ে কনভয় লৈ আমাৰ গাঁৱৰ কাষেৰেই অহা যোৱা কৰে । কিন্তু আমাৰ ইয়ালৈ কিয় নাহে ! আমিও টিংখং সমষ্টিৰে মানুহ ৷" ক্ষোভিত হৈ পৰিছে বানপীড়িত ৰাইজ ৷

জামুগুৰিহাটত বজ্ৰ পৰি মহিলাৰ কৰুণ মৃত্যু

শোণিতপুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ জামুগুৰিহাটত বজ্ৰপাতৰ ফলত এগৰাকী মহিলাই মৃত্যুক সাৱটি ল'বলগীয়া হয় (Woman died in lightning strike at Jamugurihat) । মৃত মহিলাগৰাকী চিলনীপাম বৰদিকৰাইৰ ৩১ বছৰীয়া মঞ্জুলিকা নৰহ বুলি জানিব পৰা গৈছে ।

উইম্বলডনৰ অন্তিমটো পদক প্ৰাপ্তিৰ আৰু দুখোজ দূৰৈত ছানিয়া মিৰ্জা !

মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ছানিয়াৰ যুটিটো (Sania duo enters Wimbledon mixed doubles semi-finals) । ছানিয়া আৰু তেওঁৰ ক্রোৱেছিয়ান সংগী মেট পেভিচে কোৱার্টাৰ ফাইনেলত পৰাস্ত কৰে চতুর্থ বাছনিৰ গেব্রিয়েলা ডাবৰোস্কি আৰু জন পিয়াৰ্চ যুটিক ।

গ্ৰাহকৰ পৰা খাদ্যৰ বিলত সেৱা মাচুল ল'ব নোৱাৰিব ৰেষ্টুৰেন্টে

কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণে সোমবাৰে হোটেল বা ৰেস্তোঁৰাসমূহত স্বয়ংক্ৰিয়ভাৱে বা ভুলৱশতঃ খাদ্যৰ বিলত সেৱা মাচুল তথা ছাৰ্ভিছ ছাৰ্জ আদায় লোৱাত নিষেধাজ্ঞা জাৰি কৰিছে (Central Consumer Protection Authority issued new rules)৷

বেয়া বতৰৰ বাবে সাময়িকভাৱে স্থগিত অমৰনাথ যাত্ৰা

বেয়া বতৰৰ বাবে সাময়িকভাৱে বন্ধ কৰিবলগা হৈছে অমৰনাথ যাত্রা (Amarnath Yatra temporarily stopped due to bad weather) । পহেলগামত থকা নুনৱান বেছ কেম্পৰ পৰা তীর্থযাত্রীসকলক আগবাঢ়িব দিয়া হোৱা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.