ETV Bharat / state

বঙাইগাঁৱত আই আৰু মানাহৰ খহনীয়া অব্যাহত - Aie and Manah River erosion in Bongaigaon

বঙাইগাঁৱত কালৰূপ ধাৰণ কৰিছে আই আৰু মানাহ নৈৰ খহনীয়াই(Aie and Manah River erosion in Bongaigaon) । খহনীয়াত জাহ গৈছে বহুলোকৰ খেতি মাতি । ঘৰৰ ভেটিটোও হেৰুৱাই দিশহাৰা বহুকেইটা পৰিয়াাল(Erosion in Bongaigaon) । শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ দাবী খহনীয়াগ্ৰস্ত ৰাইজৰ ।

terrible form of erosion in bongaigaon
বঙাইগাঁৱত আই আৰু মানাহৰ খহনীয়া অব্যাহত
author img

By

Published : Sep 25, 2022, 2:19 PM IST

বঙাইগাঁও,২৫ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ আই-মানাহ নদীৰ সংযোগস্থলী ধলাগাছা-ঘোঁৰামাৰাত বিগত তিনি চাৰিদিন ধৰি অব্যাহত ভয়ংকৰ গৰাখহনীয়া(Aie and Manah River erosion in Bongaigaon) । নিতৌ মানুহৰ ঘৰ দুৱাৰ,সেউজীয়া কৃষিভূমি,বাঁহনিবাৰী, তামোলৰ বাগান, কলবাগান জাহ গৈছে নদীৰ বুকুত ।

প্ৰবল গৰাখহনীয়াৰ কৱলত পৰি ধলাগাছা প্ৰাথমিক বিদ্যালয় ইতিমধ্যে বিলীন হৈ গৈছে নদীৰ বুকুত । বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে তেওঁলোকৰ পুজিঁৰে কাম কৰিবলৈ ধনৰ আৱন্টন দিছিল যদিও একাংশই সিংহভাগ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে(Erosion in Bongaigaon) ।

ইফালে কিছুদিন পূৰ্বে SOPD আচঁনিৰ জৰিয়তে ৩ কোটি ২৯ লাখ ৯৮ হাজাৰ টকাৰে বৰতাৰী আৰু পাৰ্শ্বৱৰ্তী গাওঁসমূহত খহনীয়া প্ৰতিৰোধৰ বাবে চিমেন্টৰ খুটিৰে পাৰ্কুপাইৰ কাম আৰম্ভ কৰিছিল । কিন্তু কাম সঠিকভাৱে কৰাৰ বিপৰীতে বিভিন্ন সময়ত ঠিকাদাৰৰ পৰা সাংসদ আব্দুল খালেকে কমিচন লোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

বঙাইগাঁৱত আই আৰু মানাহৰ খহনীয়া অব্যাহত

সাংসদ আব্দুল খালেকৰ নিজ গৃহৰ পৰা মাত্ৰ ১ কিলোমিটাৰ আতৰত খহনীয়াই ভয়ংকৰ কালৰূপ ধাৰণ কৰাৰ পাছতো কোনো ব্যৱস্থা হাতত নোলোৱাত খহনীয়াগ্ৰস্ত লোকসকলে ক্ষোভ প্ৰকাশ কৰিছে । খহনীয়াৰ কৱলত পৰি বহুলোকে ৰাস্তা বা আনৰ ঘৰত আশ্ৰয় লবলগীয়া হৈছে । এই ক্ষেত্ৰত অসম চৰকাৰৰ জল-সম্পদ মন্ত্ৰীক অতিশীঘ্ৰে খহনীয়া ৰোধ কৰিবলৈ দাবী জনাইছে খহনীয়াত ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক: একত্ৰিত হোৱাৰ দিশে বিৰোধী শক্তি: ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব নীতিশ কুমাৰ-লালু প্ৰসাদ যাদৱে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.