বঙাইগাঁও,৩ ফেব্ৰুৱাৰী: বঙাইগাঁও জিলাৰ বিদ্য়ালয়সমূহৰ ভিতৰত অন্য়তম কেৰখাবাৰী শংকৰদেৱ শিশু নিকেতনে পালন কৰিলে বিদ্য়ালয়খনৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । ২০০৩ চনৰ ৩ ফেব্ৰুৱাৰীত কেইজনমান উদ্যমী লোকে প্ৰত্যাহ্বান গ্ৰহণ কৰি কেৰখাবাৰী নামৰ গাঁওখনত প্ৰতিষ্ঠা কৰা এই বিদ্য়ালয়খনৰ প্ৰতিষ্ঠা দিৱসকলৈ সমগ্ৰ অঞ্চলতে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ পুৱাই বিদ্য়ালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল সাজিকাছি ওলাই আহিল আৰু বিদ্য়ালয়ৰ পৰা উলিওৱা এক সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰে । অসমৰ কলা-সংস্কৃতিৰ প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰি শোভাযাত্ৰাত অংশ ল'লে অভিভাৱকসকলেও ।
শোভাযাত্ৰাৰ সমান্তৰালকৈ বিদ্য়ালয় চৌহদত গছপুলি ৰোপন কৰিলে কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে । ইফালে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা গীত,নৃত্য় আদি অনুষ্ঠানৰো আয়োজন কৰা হয় ।বিদ্য়ালয়খনৰ ১৮ বছৰীয়া সফল যাত্ৰাকলৈ আনন্দিত বিদ্য়ালয় কৰ্তৃপক্ষও । একাংশ সচেতন লোকে বিদ্য়ালয়খনৰ প্ৰতিষ্ঠাৰ সময়ত আগবঢ়োৱা বৰঙনিৰ লগতে বিভিন্ন সময়ত সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁলোকক ধন্য়বাদ জ্ঞাপন কৰিলে বিদ্য়ালয় কৰ্তৃপক্ষই ।