ETV Bharat / state

যুৱ ভোটাৰক আকৰ্ষিত কৰিবলৈ বঙাইগাঁৱত মুকলি "সংকল্প" এপ্লিকেচন - ভোটৰ সজাগতা

বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত মুকলি "সংকল্প" নামৰ নতুন এপ্লিকেচন ৷ ভোটাৰক আকৰ্ষিত কৰাৰ প্ৰয়াসেৰে দেশত প্ৰথমবাৰৰ বাবে মুকলি এই এপ্লিকেচন ৷

"সংকল্প" এপ্লিকেচন মুকলি
author img

By

Published : Apr 8, 2019, 6:59 PM IST

বঙাইগাঁও, 8 এপ্ৰিল : যুৱ ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত সোমবাৰে মুকলি কৰা হয় "সংকল্প" নামৰ এক নতুন এপ্লিকেচন ৷ বঙাইগাঁও জিলা উপায়ুক্ত আদিল খানে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই এপ্লিকেচন দেশত প্ৰথমবাৰৰ বাবে মুকলি কৰা হয় ৷ এই এপ্লিকেচনৰ জৰিয়তে ভোটাৰ আইডিত থকা ই'পিক নম্বৰ দিয়াৰ লগে লগে লাভ কৰিব ভোটাৰগৰাকীৰ বিতং তথ্য ৷

"সংকল্প" এপ্লিকেচন মুকলি

লগতে এই এপ্লিকেচনৰ জৰিয়তে নতুন ভোটাৰসকলে কেনেকৈ ভোটদান কৰিব লাগে সেই সম্পৰ্কতো জ্ঞান লাভ কৰিব পাৰিব ৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি কোনো এজন ভোটাৰ যাতে ভোটাধিকাৰ সাব্যস্ত নকৰাকে নাথাকে তাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই এপ্লিকেচনৰ দ্বাৰা ভোটাৰসকলক সজাগ কৰাৰ প্ৰয়াস বঙাইগাঁও জিলা-প্ৰশাসনৰ ৷

Intro:বঙাইগাঁওত যুৱ ভোটাৰ সকলক আকৰ্ষিত কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা নিৰ্ব্বাচনী বিভাগে "সংকল্প" নামৰ নতুন এপ্লিকেচন মুকলি কৰে আজি । বঙাইগাঁও জিলা উপায়ুক্ত আদিল খানে এক সংবাদ মেলত আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰিলে উক্ত এপ্লিকেচন। ভাৰতৰ ভিতৰত সৰ্ব্ব প্ৰথম এই ধৰনৰ ভোটাৰক আকৰ্ষিত কৰিবলৈ নতুন এপ্লিকেচন মুকলি দেশত এয়াই প্ৰথম । জিলা উপায়ুক্তৰ নিৰ্দেশনাত জিলা তথ‍্য বিষয়া আৰু জিলা আইটি চেল বিষয়াৰ তৎপৰতাত এসপ্তাহত সম্পূৰ্ণ কৰি আজি মুকলি কৰে এই এপ্লিকেচন তথা এণ্ডৰোইড মোবাইল ছফ্টৱেৰ । যুৱ ভোটাৰ সকলে বঙাইগাঁও জিলাৰ ৱেব ছাইডত গৈ সংকল্প লিখা ঠাইত ক্লিত কৰি তাত দিয়া নিৰ্দেশনা অনুসৰি নিজৰ ভোটাৰ আইডিত থকা ইপিক নম্বৰ দিয়াৰ লগে লগে ভোটাৰ জনৰ বিতং তথ‍্য লাভ কৰিব । তাত ভোট দিয়া বুলি উল্লেখ কৰি নিজৰ ছেল্ফিয়ো আপলোড কৰিব পাৰিব ভোটাৰ সকলে । ইয়াৰ দ্বাৰা নিৰ্ব্বাচন বিভাগৰ সৈতে পোনপোটীয়া যোগসুত্ৰও স্থাপন হব। ভোটাৰ সকলে ইয়াৰ বাবে বঙাইগাঁও জিলা নিৰ্বাচনি বিভাগৰ ৱেবৰ পৰা এণ্ড্ৰোইড এপপ ডাউনলোড কৰি লব পাৰিব ।

দেশৰ নিৰ্ব্বাচন আয়োগৰ নিৰ্দশনা অনুসৰি কোনো এজন ভোটাৰ যাতে ভোট নিদীয়াকৈ ৰৈ নাজায় তাৰ সজাগতাৰ ক্ষেত্ৰতো এই নতুন এপ্লিকেচনে ভোটাৰ সকলক আকৰ্ষিত কৰিব বুলি জনায় উপায়ুক্ত জনে।

বাইট : আদিল খান, উপায়ুক্ত বঙাইগাঁও জিলা।
লগতে জিলা তথ‍্য বিষয়া ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : আদিল খান, উপায়ুক্ত বঙাইগাঁও জিলা।
লগতে জিলা তথ‍্য বিষয়া ।

Conclusion:দেশৰ নিৰ্ব্বাচন আয়োগৰ নিৰ্দশনা অনুসৰি কোনো এজন ভোটাৰ যাতে ভোট নিদীয়াকৈ ৰৈ নাজায় তাৰ সজাগতাৰ ক্ষেত্ৰতো এই নতুন এপ্লিকেচনে ভোটাৰ সকলক আকৰ্ষিত কৰিব বুলি জনায় উপায়ুক্ত জনে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.