বঙাইগাঁও, ২৪ মাৰ্চঃ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আৰু জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত পথ সজাগতা সভা । পথ দুৰ্ঘটনাৰ কাৰণ আৰু প্ৰতিৰোধৰ বিষয়ে সজাগতা সভা অনুষ্ঠিত কৰে । পথ দুৰ্ঘটনা কি দৰে প্ৰতিৰোধ কৰিব পাৰি তাৰ লক্ষ্য- উদ্দেশ্যৰে অনুষ্ঠিত এই সভা ।
পথ সুৰক্ষা সজাগতা সভাত গ্ৰেটাৰ বঙাইগাঁও প্ৰেছক্লাৱৰ সভাপতি সুজিত ৰায়,সম্পাদক উপানন্দ শৰ্মা, বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালক, কাৰ্যবাহীঅভিযন্তা সকলৰ লগতে পৰিবহণবিষয়া ভাষ্কৰজ্যোতি দত্ত সহ প্ৰেছ ক্লাবৰ সদস্য সকলোউপস্থিত থাকে । ৰাইজৰ মাজত পথ দুৰ্ঘটনা ৰোধ কৰা আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰি থাকিব পাৰে সেই লক্ষ্য উদ্দেশ্যৰে ৰাইজৰ মাজত বিষদভাৱে আলোচনা কৰা হয় ।