ETV Bharat / state

Football tournament: বঙাইগাঁৱত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 10:43 AM IST

বঙাইগাঁও জিলাৰ অদলাগুৰী ক্ৰীড়া সংঘৰ সৌজন্যত অদলাগুৰীত স্বৰ্গীয় জলেশ্বৰ ৰায় আৰু ৰবিনী বালা ৰায় সোঁৱৰণি প্ৰাইজমানি ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ ।

Prize money football tournament in Bongaigaon
ফুটবল প্ৰতিযোগিতা
ফুটবল প্ৰতিযোগিতা

বঙাইগাঁও, 18 ছেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ অদলাগুৰী ক্ৰীড়া সংঘৰ সৌজন্যত দেওবাৰৰে পৰা আৰম্ভ হয় স্বৰ্গীয় জলেশ্বৰ ৰায় আৰু ৰবিনী বালা ৰায় সোঁৱৰণি ফুটবল প্ৰাইজমানিসহ ট্ৰফী ফুটবল প্ৰতিযোগিতাখনি । অদলাগুৰী শিলাঠাকুৰ খেল পথাৰত শুভাৰম্ভণি হোৱা খেলখন উদ্বোধনী কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদক গোকুল বৰ্মণে ৷ উদ্বোধনী অনুষ্ঠানত লগতে উপস্থিত থাকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্য গোলাপ পাঠক ।

উল্লেখ্য যে, বিগত বছৰসমূহৰ দৰে এই বেলিও স্বৰ্গীয় জলেশ্বৰ ৰায় আৰু ৰবিনী বালা ৰায় সোঁৱৰণি ফুটবল প্ৰতিযোগিতাত ১৬ টা দলে অংশ গ্ৰহণ কৰিব । উদ্বোধনী খেলখন অদলাগুৰী স্পৰ্টছ ক্লাৱ বনাম ভেৰভেৰী এফ চিৰ মাজত অনুষ্ঠিত হয় । নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত খেলখন অমীমাংসিত হোৱাত অদলাগুৰী স্পৰ্টছ ক্লাৱ ট্ৰাইবেকাৰৰ সহায়ত ৬-৫ গ’লৰ ব্যৱধানত ভেৰভেৰী এফ চি ক্লাৱক পৰাজিত কৰি বিজয় সাব্যস্ত কৰে ।

স্বৰ্গীয় জলেশ্বৰ ৰায় আৰু ৰবিনী বালা ৰায় সোঁৱৰণি এই প্ৰাইজমানিসহ ট্ৰফী প্ৰতিযোগিতাৰ চূড়ান্ত খেলত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰা দলক প্ৰথম পুৰস্কাৰ হিচাপে বিশ হাজাৰ টকা আগবঢ়াব দাতা নাৰায়ণ ৰায়ে ৷ স্বৰ্গীয় দীপেন ৰায়ৰ সোঁৱৰণত এই বঁটা আগবঢ়োৱা হ’ব ।

শ্ৰী মিনু ৰায়ে স্বৰ্গীয় বাণীকান্ত ৰাজবংশীৰ সোঁৱৰণত প্ৰতিযোগিতাত পোন্ধৰ হাজাৰ টকা আগবঢ়াব দ্বিতীয় পুৰস্কাৰ হিচাপে । শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা খেলুৱৈক ট্ৰফী আগবঢ়াব হৰিনাৰায়ণ ৰাজবংশীয়ে । আনহাতে, চূড়ান্ত খেলত বিজয়ীৰ সন্মান লাভ কৰা আৰু বিজিত দলক ট্ৰফী আগবঢ়াব স্বৰ্গীয় জলেশ্বৰ ৰায় আৰু ৰবিনী বালা ৰায়ৰ পৰিয়ালে ।

আনহাতে, বঙাইগাঁও জিলাৰ বালাৰচৰত মাত্ৰাঘোলা যুৱ সংঘৰ সৌজন্যত আয়োজিত প্ৰাইজমানি ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আৰম্ভণি খেলখন ডাঙাইগাঁও বনাম চতলাৰ মাজত অনুষ্ঠিত হয় । উক্ত খেলখনত ৩-২ গ’লৰ ব্যৱধানত চতলাই ডাঙাইগাণও ক্লাৱক পৰাজিত কৰি বিজয়ীৰ সন্মান লাভ কৰে । এই ফুটবল প্ৰতিযোগিতাৰ গোটেই কেইখন খেলত ৰাইজৰ সহযোগিতা কামনা কৰিছে খেল পৰিচালনা আৰু উদ্যোক্তা সমিতিয়ে ।

লগতে পঢ়ক : Shyamala Sundari Football Tournament: শ্যামলা সুন্দৰী আমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.