ETV Bharat / state

মাণিকপুৰত পৰিত্যক্ত অৱস্থাত অসম ৰাজ্যিক বস্ত্ৰ নিগম

বঙাইগাঁৱৰ মাণিকপুৰত বিগত ৩০ বছৰে পৰিত্যক্ত অৱস্থাত আছে অসম ৰাজ্যিক বস্ত্ৰ নিগম। ২৫০ বিঘাৰ পৰিত্যক্ত এই ভূমিত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবলৈ চৰকাৰক দাবী বিভিন্ন দল সংগঠনৰ ৷

Poor Condition  Manikpur Assam State Textile Corporation
মাণিকপুৰ ৰাইজৰ দাবী মানিবনে চৰকাৰে ?
author img

By

Published : Aug 2, 2021, 7:28 PM IST

Updated : Aug 3, 2021, 12:02 PM IST

বঙাইগাঁও, 2 আগষ্ট : অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে হস্ততাঁত বস্ত্ৰ শিল্প বা বিভাগ (Assam State Textile Corporation) ৷ কিন্তু চৰকাৰৰ হেমাহিৰ বাবেই হস্ততাঁত বস্ত্ৰ শিল্পৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ হৈ থকাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে ৷ সমান্তৰালকৈ বঙাইগাঁও জিলা (Bongaigaon District)ৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাপাৰাস্থিত অসম ৰাজ্যিক বস্ত্ৰ নিগম (Assam State Textile Corporation) চৌহদৰ অৱস্থা একেবাৰে তথৈবচ ৷ যোৱা ৩০ টা বছৰে পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে নিগমটো ।

উল্লেখ্য যে, নোৱাপাৰাস্থিত অসম ৰাজ্যিক বস্ত্ৰ নিগমটো ২৫০ বিঘা ভূমি আৱৰি স্থাপন হৈছিল ৷ কিন্তু চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই যোৱা ৩০ বছৰে পৰিত্যক্ত অৱস্থাত পৰি থাকিবলগীয়া হৈছে ৷ নিগমটোৰ এনে অৱস্থা হোৱাত স্থানীয় ৰাইজে বিহিত ব্যৱস্থা গ্ৰহণ কৰি ইয়াক কাৰ্যক্ষম কৰিবলৈ আহ্বান জনাইছিল যদিও পূৰ্বৰ কোনো এখন চৰকাৰে ইয়াক পুনৰুজীৱিত কৰিবলৈ কোনো ব্যৱস্থা নোলোৱা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

মাণিকপুৰ ৰাইজৰ দাবী মানিবনে চৰকাৰে ?

লগতে পঢ়ক - কাৰাগাৰৰ বন্ধ কুঠৰীত সৃষ্টিশীলতাৰ অনন্য নিদৰ্শন

ইয়াৰ বিপৰীতে 2021 ৰ অসম বিধান সভাৰ অধিবেশনত বঙাইগাঁও জিলাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰে চৰকাৰে ৷ চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক আদৰণী জনাইছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ৷ আনহাতে, স্থানীয় ৰাইজৰ লগতে দল সংগঠনে চৰকাৰক দাবী উত্থাপন কৰিছে যে, নতুনকৈ নিৰ্মাণ হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়খন নোৱাপাৰাস্থিত পৰিত্যক্ত অৱস্থাত থকা অসম ৰাজ্যিক বস্ত্ৰ নিগমৰ ভূমিত স্থাপন কৰক ৷

উক্ত স্থানত চিকিৎসা মহাবিদ্যালয়খন স্থাপন হ'লে বঙাইগাঁৱৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজ চিকিৎসাৰ ক্ষেত্ৰত বহু পৰিমানে উপকৃত হ'ব বুলি সকলোৱে মত প্ৰকাশ কৰিছে ৷ অৱশ্যে চৰকাৰে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে, সেয়াহে হ'ব লক্ষণীয় বিষয় ৷

উল্লেখ্য যে, বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাপাৰাত আশীৰ দশকত তেতিয়াৰ অসম গণ পৰিষদৰ দলৰ আঞ্চলিকতাবাদী চৰকাৰ চলি আছিল । অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই জিলাখনৰ তথা ৰাজ্যৰ নিৱনুৱা সমস্যা সামান্য হ’লেও সমাধানৰ উদ্দেশ্য বঙাইগাঁও জিলাৰ নোৱাপাৰাত অসম ৰাজ্যিক বস্ত্ৰ নিগম নামেৰে উদ্যোগটি স্থাপন কৰিছিল । ইয়াৰ পিছত উদ্যোগটি কিছুদিন ঠিকমতে চলি আছিল যদিওঁ মাজতে লাগে কেনা ।

প্ৰাপ্ত তথ্য অনুযায়ী, কাৰিকৰী বিভাগত বহিৰাগত কৰ্মচাৰী নিয়োগ কৰাত এইসকল বহিৰাগত কৰ্মচাৰী তথা উচ্চ পদস্থ একাংশ কৰ্মচাৰীয়ে স্থানীয় সৰু বৰ কৰ্মচাৰী সকলক শোষণ কৰিবলৈ আৰম্ভ কৰে ।ফলত কৰ্মচাৰী সকলৰ মাজত সদভাৱ কমি অহাত উদ্যোগটিৰ উৎপাদন ক্ষমতা কমি আহে । ফলত চৰকাৰে লোকচানৰ সন্মুখীন হ’ব লগীয়া হয় । উপায়ন্তৰ হৈ চৰকাৰে ইয়াক ব্যক্তিগত কোম্পানীৰ ওচৰত বিক্ৰী কৰে । সেই কোম্পানীটোৰ লগত স্থানীয় কৰ্মচাৰী সকলে পূৰ্ণোদমে সহযোগ নকৰাৰ ফলত সেই কোম্পানীয়ে কাৰ্যত লাভৰ মুখ নেদেখাত সকলো মেচিন তথা সা সৰঞ্জাম লৈ গুচি যায় ।

বৰ্তমান ২৫০ বিঘা মাটিত স্থাপন হোৱা অসম ৰাজ্যিক বস্ত্ৰ নিগম মানৰ এই উদ্যোগটি যোৱা ৩০ বছৰে আছে পৰিত্যক্ত অৱস্থাত ।

লগতে পঢ়ক - এতিয়াৰে পৰা মুকলিকৈ বিক্ৰী কৰিব পাৰিব সাঁচি গছ

Last Updated : Aug 3, 2021, 12:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.