বঙাইগাঁও, 13 ফেব্ৰুৱাৰী : অৱশেষত আৰক্ষীৰ জালত পৰিল ভুৱা GST ৰে কলা সাম্ৰাজ্য চলাই অহা আব্দুল কাদেৰ ৷ শুকুৰবাৰে নিশা গুৱাহাটীৰ পৰা ধুবুৰী-বঙাইগাঁও আৰক্ষীয়ে জব্দ কৰে কাদেৰক ৷
ইতিমধ্যে, আৰক্ষীয়ে আব্দুল কাদেৰৰ যোগীঘোপাৰ বাসগৃহত তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, গোলকগঞ্জ থানাত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ ব্যক্তিজনৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা GST ফাঁকিৰে ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছিল ৷
প্ৰাপ্ত তথ্য অনুসৰি কাদেৰৰ যোগীঘোপাৰ বাসগৃহত তালাচি চলাই আৰক্ষীয়ে দুখন চাৰিচকীয়া বাহন আৰু বহু নথি পত্ৰ জব্দ কৰে ৷ ভুৱা GST ৰে বহিঃৰাজ্যলৈ কয়লা সৰহবৰাহ কৰাৰ অভিযোগত ধুবুৰী জিলাৰ গোলকগঞ্জ থানাত কাদেৰৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হৈছে ৷
লগতে পঢ়ক: হিমন্তৰ বাজেটত মিথ্যাচাৰ প্ৰকাশ পাইছে: অসম প্ৰদেশ কংগ্ৰেছ