বঙাইগাঁও, 27 এপ্ৰিল : বঙাইগাঁও জিলাৰ বইটামাৰীৰ পঞ্চগাঁৱত দেওবাৰে নিশা হোম কোৱাৰেণ্টাইনত থকা এজন লোকৰ মৃত্যু। 4 এপ্ৰিলৰ পৰা হোম কোৱাৰেণ্টাইনত থকা লোকজনৰ নাম চিত্ত ৰায় ৷ সোমবাৰে ৰাতিপুৱা মাত লগাবলৈ যাওতে তেওঁৰ মৃত্যু হোৱা বুলি গম পায় পৰিয়ালে ৷
উল্লেখ্য যে, মৃত চিত্ত ৰায় কৰ্মসূত্ৰে মেঘালয়লৈ যোৱাৰ পিছতে ঘূৰি আহিয়ে তেওঁ হোম কোৱাৰেণ্টাইনত আছিল ৷ ইতিমধ্যে তেওঁৰ বাসগৃহত বঙাইগাঁও আৰক্ষী, দণ্ডাধীশ আৰু স্বাস্থ্য বিভাগৰ দল উপস্থিত হোৱা বুলি জানিব পৰা গৈছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ অৱশ্যে হোম কোৱাৰেণ্টাইনত থকাৰ বাবে গাঁওবাসীয়ে মৃত চিত্ত ৰায়ৰ সৎকাৰ কৰিবলৈ আগবাঢ়ি যোৱা নাই ৷
লগতে পঢ়ক : নিজ গৃহ অভিমুখে ৰাওনা বৰাকত আবদ্ধ বহু লোক