ETV Bharat / state

ক’ভিড ৱাৰ্ডত বৃদ্ধাৰ সৈতে বিহু নৃত্যত মগন হ’ল নাৰ্চ

বঙাইগাঁৱৰ চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন ৷ মানসিকভাৱে ভাগি পৰা আইতাৰ লগত নৃত্য কৰিলে কৰ্তব্যৰত নাৰ্চে ।

nurse in covid ward dancing bihu at bongaigaon

author img

By

Published : Oct 21, 2020, 10:17 PM IST

চিৰাং, 21 অক্টোবৰ : বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত বিহু নৃত্যত মগন হ’ল কৰ্তব্যৰত নাৰ্চ আৰু ৰোগী ৷ নিজৰ দায়িত্ব পালন কৰাৰ লগতে নাৰ্চসকলে এইদৰে ক’ভিড ৰোগীৰ মানসিক অৱস্থাৰো যতন লৈ মহামাৰী কৰোণা কালত মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ৷ যোৱা ১৪ তাৰিখে কৰ’ণা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থাকি মানসিকভাৱে ভাগি পৰা এগৰাকী আইতাৰ লগত বুধবাৰে পিপি কিট পিন্ধিয়ে বিহু আৰু গোৱালপৰীয়া নৃত্য কৰিলে নাৰ্চ সকলে ৷

ক’ভিড ৱাৰ্ডত বৃদ্ধাৰ সৈতে বিহু নৃত্যত মগন হ’ল নাৰ্চ

উল্লেখযোগ্য যে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত দায়িত্বৰত জেষ্ঠ নাৰ্চ দ্বীপ্তি সৰকাৰে বিগত ছমাহ ধৰি নিজৰ পৰিয়ালৰ পৰা আঁতৰত থাকি ক’ভিড-১৯ৰ দায়িত্ব পালন কৰি আছে ৷ তেনেদৰে দায়িত্ব পালন কৰিছে গীতাশ্ৰী চেতিয়া,চুইটী ৰাউত, মৃণাল দাস আদিয়ে ৷

নামনি অসমৰ অন্যতম ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বঙাইগাঁৱৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্চ, ছাফাই কৰ্মী সকলৰ কৰ্তব্য আৰু সেৱাৰ মনোভাৱৰ বাবে তেওঁলোকক চেল্যুট জনাইছে বঙাইগাঁও জিলাৰ সুধি সমাজ ৷

লগতে পঢ়ক : 33 বছৰে নিষ্ঠাৰে সেৱা আগবঢ়াই অহা মঃ জাকিৰ হুছেইনৰ অগপৰ পৰা পদত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.