ETV Bharat / state

‘‘আপোনাৰ কথাতে ভোট দিছিলোঁ; আমাক ৰক্ষা কৰক’’ : আব্দুল খালেকক কাকূতি বন্যাৰ্তৰ

author img

By

Published : Jun 26, 2022, 9:32 PM IST

মাণিকপুৰৰ বাশবাৰীৰ বন্যাৰ্তৰ কাষত উপস্থিত হ’ল সাংসদ আব্দুল খালেক (MP Abdul Khaleque at Manikpur)। সাংসদৰ সম্মুখত হিয়া ঢাকুৰি কান্দিলে বন্যাৰ্তই ৷

আব্দুল খালেকৰ কাষত নৈ পৰীয়াৰ বিননি
আব্দুল খালেকৰ কাষত নৈ পৰীয়াৰ বিননি

মাণিকপুৰ, 26 জুন : অৱশেষত বন্যাৰ্তৰ কাষত উপস্থিত হ’ল সাংসদ আব্দুল খালেক (MP Abdul Khaleque visited flood effected area at Manikpur) ৷ বন্যাৰ্তই কান্দি কান্দি দোষৰ বিৱৰণ দিলে সাংসদগৰাকীক ৷ আনকি সাংসদগৰাকীও পৰৱৰ্তী সময়ত সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস প্ৰদান কৰে বন্যাৰ্তক ৷

তথ্য অনুসৰি, বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত 2 নং বাশবাৰীত যোৱা এসপ্তাহত আই নৈৰ খহনীয়াত সৰ্বহাৰা হৈছে দুই শতাধিক পৰিয়াল । নৈপৰীয়াৰ বাসগৃহৰ লগতে নৈত বিলীন হৈছে বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ডাঙাইগাঁও-কীৰ্ত্তনপাৰাৰ পকী পথো ।

আব্দুল খালেকৰ কাষত নৈ পৰীয়াৰ বিননি

জিলা প্ৰসাশনে খহনীয়া প্ৰতিৰোধৰ বাবে যাবতীয় ব্যৱস্থা হাতত লৈয়ো সফল হোৱা নাই । আই নৈৰ খহনীয়াৰ সময়ত ক্ষতিগ্ৰস্তৰ কাষত আহিবলৈ সময় পোৱা নাছিল সাংসদ আব্দুল খালেক । যাৰ বাবে দেওবাৰে ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত আহি উপস্থিত হয় সাংসদগৰাকী (MP Abdul Khaleque at Manikpur) ।

স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰক লগত লৈ আই নৈৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে সাংসদগৰাকীয়ে । আই নৈৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ সময়তে সাংসদগৰাকীৰ সম্মুখত হিয়া উজাৰি কান্দোনত ভাঙি পৰিল এগৰাকী খহনীয়াগ্ৰস্ত লোক ।

লগতে পঢ়ক : নতুন প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ’ব ভগ্ন মথাউৰি : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.