বঙাইগাঁও, 19 জুলাই : বিগত এমাহ ধৰি বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিত আই আৰু মানাহ নৈয়ে ভয়াৱহ বানৰ সৃষ্টি কৰি আহিছে । বানৰ সমান্তৰালকৈ গৰাখহনীয়াইয়ো জিলাখনত কালৰূপ ধাৰণ কৰি শ শ কৃষিভূমিৰ লগতে ৰাইজৰ ঘৰ-বাৰীৰ বিস্তৰ ক্ষতি সাধন কৰিছে।
প্ৰতিদিনে নৈৰ বুকুত বিলীন হৈছে এটাৰ পিচত আনটো পৰিয়ালৰ বাসগৃহ । দেওবাৰে উত্তৰ অভয়াপুৰী সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে । সাংসদগৰাকীয়ে বানাক্ৰান্ত ৰাইজলৈ পৰ্যাপ্ত পৰিমাণে সহায় আগবঢ়াবলৈ জিলা প্ৰশাসনক আহ্বান জনায় ।
ইফালে, চৰকাৰে ব্ৰহ্মপুত্ৰত সুৰংগ নিৰ্মাণ কৰিব বিচৰা সন্দৰ্ভত তেওঁ কয় যে, "ৰাজ্যত বিজেপি চৰকাৰ ক্ষমতলৈ অহাৰ পাচতে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে' নিৰ্মাণ হোৱৰ কথা আছিল, কিন্তু কাৰ্যকৰী নহ'ল ৷ ইয়াৰোপৰি, চৰকাৰে মাজুলীত দলং নিৰ্মাণৰ কথা কৈছিল যদিও সেয়াও আজিলৈকে কাৰ্যকৰী নহ'ল" ।
লগতে, চৰকাৰে কৃষক নেতা অখিল গগৈক ভয় কৰে বুলি উল্লেখ কৰি অচিৰেই অখিল গগৈৰ মুক্তিৰ দাবী জনায় সাংসদগৰাকীয়ে ।
লগতে পঢ়ক : কাৰাগাৰতে চিকিৎসা আৰম্ভ কৰ’ণাত আক্ৰান্ত কয়দীৰ