ETV Bharat / state

অভয়াপুৰীত নিৰ্মাণৰ এমাহ নৌহওঁতেই খহি পৰিল পকী দেৱাল - Bongaigaon news

বঙাইগাঁও জিলাৰ অভয়াপুৰীত চৰকাৰী ধন শৰাধৰ অভিযোগ (Misuse of government funds at Abhayapur) ৷ এজাক বৰষুণতে খহি পৰিল কেইবা লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন পকী দেৱাল ৷ যাক লৈ এতিয়া ক্ষোভিত অঞ্চলবাসী ৷

Misuse of government funds at Abhayapur
এমাহ নহওঁতেই খহি পৰিল পৰিল পকী দেৱাল
author img

By

Published : May 17, 2022, 12:30 PM IST

বঙাইগাঁও, 17 মে’ : বঙাইগাঁও জিলাৰ অভয়াপুৰীত চৰকাৰী ধনৰ অপব্যৱহাৰৰ অভিযোগ (Misuse of government funds at Abhayapur)৷ কোনো পূৰ্ব পৰিকল্পনা নোহোৱাকৈ চৰকাৰৰ ফালৰ পৰা নিৰ্মাণ কৰা হ’ল এটা বিশেষ নলাৰ পকী দেৱাল ৷ কিন্তু এমাহ নৌহওঁতেই খহি পৰিল চৰকাৰে নিৰ্মাণ কৰা এই পকী দেৱালখন ৷ এই অভিযোগ তৰিছে অভয়াপুৰীবাসীয়ে ৷

এমাহ নহওঁতেই খহি পৰিল পৰিল পকী দেৱাল

অঞ্চলটোৰ ৰাইজৰ অভিযোগ, নিম্নমানদণ্ডৰ সামগ্ৰীৰে চৰকাৰী ঠিকাদাৰে এই দেৱাল নিৰ্মাণ কৰিছিল ৷ প্ৰয়োজনতকৈ বহু পৰিমাণে কম সামগ্ৰী ব্যৱহাৰ কৰি এই দেৱাল নিৰ্মাণ কৰিছিল ৷ যাৰ ফলত এজাক বৰষুণতেই খহি পৰে কেইবা লাখ টকা ব্যয় সাপেক্ষে প্ৰায় এমাহ পূৰ্বে নিৰ্মাণ কৰা পকী দেৱালখন ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

শীঘ্ৰে এই দেৱাল নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰৰ পৰা সবিশেষ খতিয়ান ল‘বলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৰাইজে ৷ লগতে উক্ত কামৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবেও ৰাইজে দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক : ২০ হাজাৰ উৎকোচ দিহে চাকৰি পাইছিল মুখ্যমন্ত্রীৰ গাড়ী চালকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.