বঙাইগাঁও, 22 ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পাচনীয়া মোহনপুৰত শুকুৰবাৰে নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । প্ৰায় ১৫ টা বাসগৃহ এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে জুইত জাহ যায় কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি। স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি, বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা ৷
![বিধ্বংসী অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-bongaigaonfireatvillege-vis-10012_22022020064258_2202f_1582333978_692.jpg)
জুইৰ লেলিহান শিখাই গাঁওখনৰ মজিবৰ ৰহমান, নুৰ ইছলাম, জমিৰ আলী, মহিৰ আলী, মণ্ডল শ্বেখৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত কৰে ৷ স্থানীয় ৰাইজে বহু চেষ্টা কৰিও জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিবলৈ অপাৰগ হয় যদিও পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে ৷
লগতে পঢ়কঃ UPPLত যোগদান প্ৰমোদ বড়োৰ