মানিকপুৰ, 31 অক্টোবৰ : সম্প্ৰতি ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে বগা চাউলৰ ক’লা বেহা । চৰকাৰে বিনামূলীয়াকৈ যি চাউল যোগান ধৰি আহিছে সেই চাউল একাংশ সমবায় সমিতিৰ সভাপতি, সম্পাদক আৰু সুলভ মূল্যৰ এজেন্টে লগ লাগি দালালৰ জৰিয়তে এই ব্যৱসায় চলাই আছে । এই চাউলৰ ক’লা ব্যৱসায়ৰ লগত উৰ্দ্ধতম কতৃপক্ষ জড়িত থকাৰ কথাও নুই কৰিব নোৱাৰি ।
এই চাউল বিভিন্ন ধৰণৰ পদ্ধতিৰে বহিঃৰাজ্য লৈ প্ৰেৰণ কৰাৰ বাতৰি মাজে সময়ে বিভিন্ন মাধ্যম যোগে প্ৰচাৰ হৈ আহিছে । দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰে আজিলৈ নাকি লগাবলৈ সক্ষম হোৱা নাই চাউলৰ এই অবৈধ বেহা কৰা সকলক । দেওবাৰে বঙাইগাঁও জিলাৰ গেৰুকাবাৰী আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গৰাইমাৰী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত চাউল ভৰ্তি এখন বলেৰো পিকআপ জব্দ কৰে ৰাইজে ।
জানিব পৰা মতে মাণিকপুৰৰ ফালৰ পৰা যোৱা চাউলৰ গাড়ী এখন কেইজনমান যুৱকে খেদি খেদি গৈ গৰাইমাৰীত আটক কৰি গেৰুকাবাৰী আৰক্ষীক খবৰ দিয়ে ।
পিছে ঘটনাস্থলীত গেৰুকাবাৰী আৰক্ষী উপস্থিত হোৱাৰ আগতেই ড্ৰাইভাৰ-হেণ্ডিমেন পলায়ন কৰে । তাৎপৰ্যপূৰ্ণ কথা যে প্ৰকৃত অভিযুক্তক কৰায়ত্ব কৰিব নোৱাৰি গাড়ীখন জব্দ কৰা ল’ৰা কেইজনকে সোধপোচ কৰাৰ বাবে মাণিকপুৰ থানালৈ উঠায় নি সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে । জব্দকৃত গাড়ী খনৰ নম্বৰ As-25 EC 9918 বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : যমজ ভাতৃ নিতুমণি-নিকুমণিৰ সলিল সমাধি