ETV Bharat / state

drugs seized : মাণিকপুৰত আৰক্ষীৰ বৃহৎ সাফল্য

মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰুকাবাৰী নিৰীক্ষণ চকীয়ে লাভ কৰিলে বৃহৎ সাফল্য ৷ ড্ৰাগছ সহ এজনক আটক কৰিলে আৰক্ষীয়ে ।

author img

By

Published : Nov 12, 2021, 10:48 PM IST

drugs seized : মাণিকপুৰত আৰক্ষীৰ বৃহৎ সাফল্য
drugs seized : মাণিকপুৰত আৰক্ষীৰ বৃহৎ সাফল্য

মাণিকপুৰ, 12 নবেম্বৰ : ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ তথা অবৈধ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান ৷ কিন্তু এনে পৰিস্থিতিতো যেন নিয়ন্ত্ৰিত হোৱা নাই এচাম ড্ৰাগছ মাফিয়া তথা অবৈধ নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰী চক্ৰ ৷ নিতৌ আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে ড্ৰাগছ তথা বিভিন্ন আপত্তিজনক সামগ্ৰী, আটক হৈছে বহু লোক ৷ শেহতীয়াকৈ এনে এটা অভিযানত মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰুকাবাৰী নিৰীক্ষণ চকীয়ে লাভ কৰিলে বৃহৎ সাফল্য ৷

গোপন সূত্ৰ পম খেদি ড্ৰাগছ সহ এজনক আটক কৰিলে আৰক্ষীয়ে । বঙাইগাঁও জিলাৰ গৰাইমাৰীত আৰক্ষীয়ে চলালে এই অভিযান । ড্ৰাগছ সহ গ্ৰেপ্তাৰ ইছৰাফিল ইছলাম (১৮) নামৰ এজন ড্ৰাগছ সৰবহকাৰী । গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ধৃত সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰে দহটা ড্ৰাগছভৰ্তি প্লাষ্টিক কণ্টেইনাৰ ।

জানিব পৰা মতে, ধৃত ইছৰাফিল ইছলামৰ ঘৰ বঙাইগাঁও জিলাৰ দৰকিনামাৰীত ।

লগতে পঢ়ক : অইলৰ ৰাসায়নিক দ্ৰব্যই বিনষ্ট কৰিছে খেতিপথাৰ; ক্ষুব্ধ জাগুনবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.