ETV Bharat / state

Chilarai Divas Observed: বঙাইগাঁৱত ৫১৩ সংখ্যক চিলাৰায় দিৱস পালন - কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন

আজি ৰাজ্যজুৰি পালন কৰা হয় বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৩ সংখ্যক জন্মজয়ন্তী । বঙাইগাঁও জিলাৰ পাতিলাদহাতো দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী ৷ মহাবীৰ চিলাৰায় জন্মজয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মনে(Bir Chilarai Divas 2023) ৷

Chilarai Divas Observed
বঙাইগাঁৱত ৫১৩ সংখ্যক চিলাৰায় দিৱস পালন
author img

By

Published : Feb 5, 2023, 10:16 PM IST

বঙাইগাঁৱত ৫১৩ সংখ্যক চিলাৰায় দিৱস পালন

বঙাইগাঁও, ৫ ফেব্ৰুৱাৰী: বঙাইগাঁও জিলাৰ পাতিলাদহাত কোচ ৰাজবংশী জাতীয় পৰিষদৰ উদ্যোগত আৰু পাতিলাদহা আঞ্চলিক কোচ ৰাজবংশী পৰিষদ আৰু পাতিলাদহা কোচ ৰাজবংশী জাতীয় মহিলা পৰিষদৰ সহযোগত পাতিলাদহা দুৰ্গা মন্দিৰ প্ৰাংগন আৰু ক্ষেত্ৰত ৫১৩ তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় । কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মনে কোচ ৰাজবংশী জাতীয় পৰিষদৰ পতাকা উত্তোলন কৰি বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে(Mahabir Chilarai 513rd birth anniversary) ।

মহাবীৰ চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি বৰ্মনে বিশ্ব মহাবীৰ গৰাকীৰ অৱদানক সুঁৱৰি বিশ্ব মহাবীৰগৰাকীৰ আদৰ্শৰে কোচ ৰাজবংশী জাতিক ঐক্যবদ্ধ হৈ জাতিৰ কামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় । দিৱসৰ সাংস্কৃতিক পতাকা উত্তোলন কৰে কোচ ৰাজবংশী জাতীয় পৰিষদৰ উপদেষ্টা তথা ৫১৩ তম বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ(Bir Chilarai Divas 2023) অভ্যৰ্থনা সমিতিৰ সভাপতি সতীশ পাটগিৰিয়ে । বিশ্ব মহাবীৰগৰাকীৰ প্ৰতিমূৰ্তিৰ মাল্যাৰ্পণ কৰে অভ্যৰ্থনা সমিতিৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট শিক্ষাবিদ জগদিশ ৰায়ে । শ্বহীদ বেদীত শ্বহীদ তৰ্পন অনুষ্ঠান মুকলি কৰে দ্বিপেন চন্দ্ৰ ৰায়ে ।

বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা, খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰিও এখন বাৰেবৰণীয়া বিভিন্ন জনগোষ্ঠীৰ নৃত্য প্ৰতিযোগিতাৰো অনুষ্ঠিত কৰা হয় । প্ৰতিযোগিতাখনি উন্মোচন কৰে কে এল অ' শান্তি কমিটীৰ অন্যতম সদস্য তথা মধ্যস্থতাকাৰী দিলীপ নাৰায়ণ দেৱে । তেখেতে আগন্তুক দিনত কোচ ৰাজবংশী ৰাইজে ভাল খৱৰ পাব বুলি দৃঢ়তাৰে উল্লেখ কৰি সেই সময়লৈকে ধৈৰ্য ধৰিবলৈ ৰাইজক আহ্বান জনায় ।

ইফালে কোচ ৰাজবংশী জাতীয় পৰিষদৰ উদ্যোগত ৰমলা ৰায় সৰকাৰ সম্পাদনাত বিশ্ব মহাবীৰ চিলাৰায় নামাকৰণৰ প্ৰকাশিত স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ে । স্মৃতিগ্ৰন্থ গ্ৰন্থখন উন্মোচন কৰি ৰায়ে কয় যে স্মৃতিগ্ৰন্থখনে বিশ্ব মহাবীৰ গৰাকীৰ অৱদান আৰু কাৰ্তিক জনমানসত প্ৰতিফলিত কৰিব বুলি আশা ব্যক্ত কৰি দৃঢ়তাৰে কয় যে কোচ ৰাজবংশী ঐক্য বদ্ধ হ’লে বিশ্বৰ কোনো শক্তিয়ে আমাক ইস্পিত লক্ষ্যত উপনীত হোৱাৰ পৰা বিৰত কৰিব নোৱাৰে ।

বিশ্ব মহাবীৰ চিলাৰায় দিৱসথলীত কোচ ৰাজবংশী জাতীয় পৰিষদৰ উদ্যোগত কোচ ৰাজবংশী বিশিষ্ট লেখিকা ৰমলা ৰায় সৰকাৰে প্ৰণয়ন কৰা কোচ ৰাজবংশীৰ ভাষাৰ 'ব্যাকৰণ' খনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক মনুচাদ সিংহই । সন্ধিয়া ৫১৩ গছি বন্তি প্ৰজ্বলনেৰে বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে ৷

লগতে পঢ়ক: Mahabir Chilarai 513rd Birth Anniversary: মহাবীৰ চিলাৰায়ৰ ৫১৩ সংখ্যক জন্মজয়ন্তী পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.