ETV Bharat / state

বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ দাবীৰে বিজনীত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Aug 7, 2020, 4:32 PM IST

উৎকট গৰমৰ মাজতো 24 ঘণ্টাৰ পৰিৱৰ্তে 2 ঘণ্টাও বিদ্যুৎ যোগান নথকাৰ অভিযোগত শুকুৰবাৰে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বঙাইগাঁও জিলাৰ বিজনী বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত গোলাপাৰাবাসীয়ে ৷

বিজনীত ৰাইজৰ প্ৰতিবাদ
বিজনীত ৰাইজৰ প্ৰতিবাদ

বঙাইগাঁও, 7 আগষ্ট: বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শুকুৰবাৰে তীব্ৰ ক্ষোভ উজাৰিলে বঙাইগাঁও জিলাৰ বিজনী বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত গোলাপাৰাবাসীয়ে ৷ ক্ষোভিত ৰাইজে এচি ৰূমৰ পৰা বাহিৰলৈ ওলাই আহি পৰিস্থিতিৰ বুজ ল'বলৈ আহ্বান জনালে ৰাজ্যৰ শক্তিমন্ত্ৰীক ৷ বিধ্বংসী বানৰ পাচত সম্প্ৰতি উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ কিন্তু তেনেস্থলত নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি, ৰাইজক 24 ঘণ্টাতো বাদেই ভালকৈ অলপ সময়ৰ বাবেও বিদ্যুতৰ যোগান ধৰিব পৰা নাই অসম চৰকাৰে ৷ উপায়হীন হৈ অৱশেষত ৰাজপথলৈ ওলাই আহি চৰকাৰৰ এনে বিফলতাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হয় বুলি উল্লেখ কৰে ক্ষোভিত ৰাইজে ৷

বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ দাবীৰে বিজনীত ৰাইজৰ প্ৰতিবাদ

উল্লেখ্য যে, প্ৰচণ্ড গৰমৰ মাজতো 24 ঘণ্টাৰ পৰিৱৰ্তে 2 ঘণ্টাও বিদ্যুৎ নথকাৰ অভিযোগ উত্থাপন কৰিছে বিজনীৰ গোলাপাৰাবাসীয়ে ৷ আনহাতে, পৰ্যাপ্ত বিদ্যুৎ যোগান অবিহনেও বৰ্ধিত হাৰত বিদ্যুতৰ মাচুল অহা বিষয়ক লৈয়ো তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে তেওঁলোকে ৷ বিদ্যুৎ যোগানৰ নামত বিভাগীয় কৰ্তৃপক্ষই ৰাইজৰ সৈতে হেতালি খেলি থকাৰ অভিযোগ ৰাইজৰ ৷ নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ বাবে অসম চৰকাৰক মিছলীয়া বুলিও আখ্যা দিয়ে তেওঁলোকে ৷ উৎকট গৰমত বিদ্যুৎ অবিহনেই কণমানি শিশুক লৈ এটা টিনপাটৰ ঘৰত ৰাইজ কেনেকৈ আছে সেই পৰিস্থিতি স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ, শীত-তাপ নিয়ন্ত্ৰক কোঠাৰ পৰা ওলাই আহিবলৈ আহ্বান জনাইছে গোলাপাৰাবাসীয়ে ৷ ৰাইজৰ দুৰৱস্থা অনুভৱ কৰি শীঘ্ৰেই বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ দাবী জনায় ৰাইজে ৷

লগতে পঢ়ক: অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত লাহোৱালত মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.