ETV Bharat / state

বঙাইগাঁৱত পাঁচ শতাধিক হিতাধিকাৰীলৈ বাৰ কোটি টকাৰ ঋণ

বঙাইগাঁৱত ঋণ মেলাৰ আয়োজন ৷ পাঁচ শতাধিক হিতাধিকাৰীৰ মাজত বাৰ কোটি টকাৰ ঋণ বিতৰণ ৷ বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা পুথিভঁৰালত অনুষ্ঠিত হৈছিল এই ঋণ মেলা ৷ জিলা উপায়ুক্ত এম.এছ লক্ষ্মীপ্ৰিয়াই হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰে এই ঋণ ৷

author img

By

Published : Feb 12, 2021, 8:52 PM IST

loan mela at bongaigaon
loan mela at bongaigaon

বঙাইগাঁও, 12 ফেব্ৰুৱাৰী: বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে জিলাখনত অনুষ্ঠিত এক ঋণ মেলাত পাঁচ শতাধিক হিতাধিকাৰীৰ মাজত মুঠ বাৰ কোটি টকাৰ ঋণ বিতৰণ কৰা হয় ৷ জিলা খনৰ নিবনুৱা সকলকে ধৰি অন্যান্য হিতাধিকাৰী সকলৰ মাজত জিলা উপায়ুক্ত এম.এছ লক্ষ্মীপ্ৰিয়াই ঋণ সমূহ বিতৰণ কৰে ৷

loan mela at bongaigaon
জিলা উপায়ুক্ত এম.এছ লক্ষ্মীপ্ৰিয়াই হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰে এই ঋণ

জানিব পৰা মতে ভাৰতীয় ষ্টেট বেংক, অসম গ্ৰামীণ বিকাশ বেংককে ধৰি অন্য বেংক সমূহে এই বাৰ কোটি ঋণৰ যোগান ধৰিছে ৷ শুকুৰবাৰে অনুষ্ঠিত ঋণ মেলাত চেক যোগে হিতাধিকাৰী সকলৰ মাজত ঋণ প্ৰদান কৰা হয় ৷

বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা পুথিভঁৰালত অনুষ্ঠিত হৈছিল এই ঋণ মেলা

জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে বেংক সমূহৰ বিষয়া সকলো এই ঋণ মেলাত উপস্থিত থাকে ৷ অনুষ্ঠানৰ শেষত জিলা উপায়ুক্ত এম.এছ. লক্ষ্মীপ্ৰিয়াই হিতাধিকাৰী সকলক ঋণৰ ধনৰ সদ ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক: জনিয়াত বেঁকী নৈৰ বিধ্বংসী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.