ETV Bharat / state

বঙাইগাঁৱত দুটা পৰিয়ালৰ মাজত ভূমি কেন্দ্ৰিক সংঘাত

বঙাইগাঁৱৰ 7 নং বাশবাৰীত দুটা পৰিয়ালৰ মাজত সৃষ্টি হয় ভূমি কেন্দ্ৰিক সংঘাত (Land centric clashes between two families in Bongaigaon)৷ 7 নং বাশবাৰীৰ বাছেৰে আলীৰ ঘৰৰ মূল প্ৰৱেশ দ্বাৰত সাহাবুদ্দিনৰ পৰিয়ালে তামোল গছ ৰোপন কৰি পথ বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছিল ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷

author img

By

Published : May 8, 2022, 7:46 PM IST

Land centric clashes between two families in Bongaigaon
বঙাইগাঁৱত দুটা পৰিয়ালৰ মাজত ভূমি কেন্দ্ৰিক সংঘাত

বঙাইগাঁও, 8 মে’ : বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 7 নং বাশবাৰীত দুটা পৰিয়ালৰ মাজত সৃষ্টি হয় ভূমি কেন্দ্ৰিক সংঘাত (Land centric clashes between two families in Bongaigaon) ৷ অভিযোগ অনুসৰি, 7 নং বাশবাৰীৰ বাছেৰে আলীৰ ঘৰৰ মূল প্ৰৱেশ দ্বাৰত সাহাবুদ্দিনৰ পৰিয়ালে তামোল গছ ৰোপন কৰি পথ বন্ধ কৰিছিল ৷

এই ঘটনাক কেন্দ্ৰ কৰি দুয়োটা পৰিয়ালৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । দীৰ্ঘদিন ধৰি সাহাবুদ্দিন পৰিয়ালৰ লোকে বাছেৰ আলীৰ পৰিয়ালক বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে । সম্প্ৰতি সাহাবুদ্দিনৰ নেতৃত্বত বাছেৰ আলীৰ ঘৰৰ প্ৰৱেশ দ্বাৰত তামোল গছ ৰোপন কৰি যোগাযোগ বন্ধ কৰি দিয়ে ।

ঘটনা সংক্ৰান্তত বাছেৰ আলীয়ে মাণিকপুৰ আৰক্ষী থানাত সাহাবুদ্দিন, মাজেদুৰ সৰকাৰ, আনোৱাৰ হুচেইন, ছাহজাহান আলী, আকতাৰ হুছেইন আৰু ছাইনুল আলীৰ বিৰুদ্ধে দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই ঘটনাস্থলীত উপস্থিত হয় মাণিকপুৰ আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল ৷

কিন্তু ঘটনাৰ তদন্ত কৰিবলৈ যোৱা আৰক্ষীৰ দলটোক সাহাবুদ্দিনৰ পৰিয়ালে দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷ এই ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে ।

লগতে পঢ়ক : নলবাৰী এজেপিৰ সভাপতি নগেন ডেকাক দুৰ্বৃত্তৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.