ETV Bharat / state

পৰম্পৰা ৰক্ষা কৰি ৰাজ্যত অনুষ্ঠিত হ'ল বোকাখছা ভাওনা - বোকাখছা ভাওনা চতিয়া

শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে চতিয়া আৰু অভয়াপুৰীত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হয় বোকাখছা ভাওনা ৷

পৰম্পৰা ৰক্ষা কৰি বোকাখছা ভাওনা অনুষ্ঠিত
author img

By

Published : Aug 25, 2019, 2:22 AM IST

চতিয়া আৰু অভয়াপুৰী, 24 আগষ্টঃ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে চতিয়াৰ ঐতিহাসিক পাতলৰচুক গাঁৱৰ নামঘৰত 264 বছৰীয়া পৰম্পৰা অটুট ৰাখি বোকাখছা ভাওনা অনুষ্ঠিত হয় ৷ পাঁচতি উৎসৱ বা নন্দোৎসৱ নামেৰে পৰিচিত এই বোকাখছা ভাওনাত পুৱাৰে পৰাই অলেখ ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটা পৰিলক্ষিত হয় ৷

পৰম্পৰা ৰক্ষা কৰি বোকাখছা ভাওনা অনুষ্ঠিত

একেদৰেই বঙাইগাঁও জিলাৰ অন্তৰ্গত বইটামাৰী হৰি মন্দিৰ প্ৰাংগণতো জন্মাষ্টমী উপলক্ষে 27 বছৰ জোৰা পৰম্পৰা ৰক্ষা কৰি বোকা খেল আৰু কলহ ভঙা পৰ্ব অনুষ্ঠিত কৰা হয় ৷

Intro:" হাতত বন্তি লৈ,কৃষ্ণ শুৱাই থৈ/ আহা সখি, আহা মা/ পংক খেচোগৈ ...." - এনে হৰিনামৰ ধ্বনি আৰু অগণণ ভক্ত,বৈষ্ণৱ প্ৰাণ ৰাইজৰ ব্যাপক উছাহৰ মাজেৰেই আজি অনুষ্ঠিত হৈ গল ২৬৪ বছৰীয়া গৌৰৱউজ্বল ইতিহাসেৰে সমৃদ্ধ জামুগুৰি হাটৰ পাতলৰচুক গাৱৰ " বোকাখছা ভাওঁনা" ৷Body: চতিয়া - পুৱাৰ পৰাই উদুলী-মুদুলী পৰিৱেশে বিৰাজ কৰা ঐতিহাসিক পাতলৰচুক গাৱৰ নামঘৰত সমাগম ঘটে আবাল বৃদ্ধ বণিতাৰ ৷ বিয়লীৰ পৰা সন্ধিয়া ৭বজা পৰ্যন্ত ভক্তপ্ৰাণ ৰাইজৰ সমাগমে ঐতিহাসিক " বোকাখচা ভাওঁনা " "পাঁচতি উৎসৱ" বা " নন্দোৎসৱ" ৰ থলীক অধিক প্ৰাণৱন্ত কৰি তোলা পৰিলক্ষিত হল ৷ যোৱা নিশা অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী তিথি আৰু গোপাল আতা দেৱৰ বিৰচিত " জন্ম যাত্ৰা" নাটৰ ভাওঁনাৰ পাচত আজি দ্বিতীয় দিনা গঞা ৰাইজে ২৬৪ বছৰীয়া ঐতিহাসীক পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰা এই ধৰ্মীয় তথা সাংস্কৃতিক গৌৰৱওজ্বল পৰম্পৰাই বিশেষ তাৎপয্য বহন কৰিলে ৷নন্দ যশোদাৰ ঘৰত জন্মলাভ কৰা পুত্ৰ সন্তানৰ" সু খবৰ ' লাভ কৰি ৰাজ্যবাসীয়ে আনন্দত আত্মহাৰা হৈ ৰাজপ্ৰসাদলৈ ঢাপলি মেলিছে আৰু আনন্দত আত্মহাৰা হৈ এনেকৈয়ে বোকাত লুতুৰি পুতুৰি হৈ যি আনন্দ উৎসৱ গকুলৰ প্ৰজাই কৰিছে, সেই ঐতিহ্য পৰম্পৰা ৰক্ষা কৰিয়েই আজো ককাহঁতৰ দিনৰ পৰা পাতলৰচুক গাৱৰ ৰাইজে নিৰবিচিন্ন ভাৱে পালন কৰি আহিছে " ভক্তিৰসেৰে পূৰ্ণ " পাচঁতি উৎসৱ " , " নন্দোৎসৱ " বা " বোকাখচা " ভাওঁনা ৷নামঘৰৰ সমীপতে খন্দা এটা পংকময় গাঁতত বোকাৰে লুতুৰী পুতুৰী হৈ গাওঁবাসী ভাৱৰীয়া ৰাইজে হৰিনামৰ ৰস নিগৰালে ৷দুৰ দুৰনীৰ পৰা অহা ৰাইজে এই বোকা পবিত্ৰ হেন গন্যকৰি আজিও শিৰত লৈ যোৱা পৰিলক্ষিত হল ৷ৰাইজৰ বিস্বাস এই বোকা শিৰত ললে আপায় অমংগল দুৰ হয় ৷Conclusion:এনে বিস্বাস,পৰম্পৰা আৰু ভকতিক সৰোগত কৰি ইতিমধ্যে জামুগুৰিহাটৰ পাতলৰচুক গাৱৰ ৰাইজে ২৬৪ বছৰীয়া এক বিৰল পৰম্পৰাৰ ইতিহাস ৰচনা কৰিছে ৷ আজিও এনে দীৰ্ঘ পৰিক্ৰমাৰেই গাওঁবাসী ৰাইজে উৎসাহেৰে এই উৎসৱ উদযাপন কৰিলে ৷
Byte- 1

Pransankar bhuyan
Sootea
Etv bharat (assam)
24/8/2019
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.