ETV Bharat / state

অখিল গগৈৰ চিকিৎসাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ KMSSৰ বঙাইগাঁও জিলাৰ সভাপতিৰ

author img

By

Published : Jul 11, 2020, 1:34 AM IST

কাৰাৰুদ্ধ হৈ থকা অখিল গগৈ, বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰৰ মুক্তিৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলাৰ সভাপতি মহীধৰ ৰায়ৰ ।

KMSS PRESSMEET
KMSS PRESSMEET

উত্তৰ অভয়াপুৰী, 10 জুলাইঃ কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালৰ চিকিৎসাৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলাৰ সভাপতি মহীধৰ ৰায়ে । তেওঁ কয় যে, অসম চৰকাৰে চিকিৎসাৰ নামত যি আৰম্ভ কৰিছে ই এক প্ৰকাৰ ভেকোভাৱনা ।

লগতে তেওঁ কয় যে, তিনি জনৰ ভিতৰত দুজনৰ কোভিড ১৯ পজিটিভ ৰিজাল্ট আহিল কিন্তু অখিল গগৈৰ কি কাৰণত ৰিজাল্ট নাহিল এইটো ৰহস্যৰ আৱৰ্তত।

অখিল গগৈৰ চিকিৎসাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ KMSSৰ বঙাইগাওঁ জিলাৰ সভাপতিৰ

তেওঁৰ স্বাব দিল্লীলৈ পঠিয়াবলগীয়া হোৱা কাৰ্যকো সমালোচনা কৰি অসমৰ যন্ত্ৰবোৰ বেয়া নেকি বুলি প্ৰশ্ন তোলে সভাপতিগৰাকীয়ে। চৰকাৰে কৌশলগতভাৱে অখিল গগৈক তিল তিল কৈ মাৰি পেলোৱাৰ ব্যৱস্থা কৰি প্ৰতিবাদী কন্ঠ ৰুদ্ধ কৰিব বিচাৰিছে বুলি নেতাজনে অভিযোগ কৰে ।

তেওঁ লগতে উল্লেখ কৰি কয় যে, শিৱসাগৰ উপ নিৰ্বাচনত অখিল গগৈয়ে জেলৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ যি কুচকাৱাজ চলিছে তাত আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। তেওঁ নিৰ্বাচিত হৈ আহিলে বিধান সভাত নিপিড়িত জনতাৰ হকে মাত মতাৰ এক বলিষ্ঠ কণ্ঠৰ ব্যক্তিৰ আগমন ঘটিব।

আনহাতে শীঘ্ৰেই কাৰাৰুদ্ধ হৈ থকা অখিল গগৈ, বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰৰ মুক্তিৰ দাবী তোলে মহীধৰ ৰায়ে ।

লগতে পঢ়ক :

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.