ETV Bharat / state

20 খন বিচনাযুক্ত ICU কক্ষ উদ্বোধন স্বাস্থ্যমন্ত্ৰীৰ - বিধায়ক ফণীভূষণ চৌধুৰী

বঙাইগাঁও অসামৰিক চিকিৎসালয়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ আই চি ইউ (ICU) উদ্বোধন। এতিয়াৰে পৰা বঙাইগাঁৱবাসীয়ে লাভ কৰিব উন্নত স্বাস্থ্য সেৱা ৷ এই আশ্বাস স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ৷

Inauguration of ICU Ward By Health Minister at Bangaigaon Civil Hospital
বঙাইগাঁও অসামৰিক চিকিৎসালয়ত 20 টাকৈ আই চি ইউ কক্ষ উদ্বোধন স্বাস্থ্য মন্ত্ৰীৰ
author img

By

Published : Aug 10, 2021, 2:24 PM IST

বঙাইগাঁও, 10 আগষ্ট : অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে বঙাইগাঁও অসামৰিক চিকিৎসালয় ( Bongaigaon Civil Hospital) ত ২০খন বিচনাযুক্ত আই চি ইউ (ICU) কক্ষ এটিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী (MLA PhaniBhukhan Chowdhary), ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ পৰিচালন সঞ্চালক ড৹ লক্ষ্মনন এছ, স্বাস্থ্য বিভাগৰ উপ সচিব কমলজিত তালুকদাৰ আৰু বঙাইগাঁৱৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ উপস্থিতিত ICU কক্ষটি উদ্বোধন কৰা হয় ।

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, এই কক্ষটি গুৰুতৰ ৰোগীৰ বাবে সহায়ক হ'ব । তদুপৰি মন্ত্ৰীগৰাকীয়ে বঙাইগাঁও জিলা (Bongaigaon District)ত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ বাবেও মাটি পৰিদৰ্শন কৰে ৷ বঙাইগাঁও অসামৰিক চিকিৎসালয় সংলগ্ন এলেকাটিত প্ৰায় ১৬০ বিঘা চৰকাৰী ভূমি আছে ৷ ইয়াৰে কিছু অংশত কেইটামান চৰকাৰী কাৰ্যালয় আছে, যদিও সৰহ পৰিমাণৰ ভূমি এতিয়াও খালী হৈ আছে ।

লগতে পঢ়ক - ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

যোৱা ৬ আগষ্টত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ বাবে বাজেটত প্ৰস্তাৱ ৰখা হৈছিল ৷ সেই অনুসৰি সোমবাৰে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰীগৰাকী বঙাইগাঁৱত উপস্থিত হয় । উক্ত অনুষ্ঠানতে মঙলবাৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ'বলগীয়া নতুন ক’ভিড নিয়মাৱলীৰ কথাও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে । সেই অনুসৰি সন্ধিয়া ৫ বজালৈ দোকান-পোহাৰ, হাট-বজাৰ আদি খোলা ৰাখিব পাৰিব ।

বঙাইগাঁও অসামৰিক চিকিৎসালয়ত স্বাস্থ্য মন্ত্ৰী

চৰকাৰী কাৰ্যালয়সমূহ বিয়লি ৫ বজালৈ খোলা থাকিব । সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যত সান্ধ্য আইন বলৱৎ থাকিব । যদিহে কোনো ঠাইত এটা সপ্তাহত ১০ জনতকৈ অধিক ক’ভিড ৰোগী ধৰা পৰে, তেনেহ'লে সেই ঠাইখিনি কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হ'ব ।

ৰাজ্যত প্ৰায় ১ কোটি ২৫ লাখ ৩৬ হাজাৰ ৬৮৩ গৰাকী লোকক ৯ আগষ্টৰ দুপৰীয়ালৈ ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে । ৰাইজক ক'ভিড বিধি মানি সামাজিক দূৰত্ব বজাই ৰাখি আৰু মাস্ক পিন্ধি চলা-ফুৰা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে অনুৰোধ জনায় । এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ফণীভূষণ চৌধুৰী ৷

লগতে পঢ়ক - কংগ্ৰেছৰ প্ৰতি ৰাইজৰ ভাৱমূৰ্তি নোহোৱা হৈছে : যোগেন মহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.