ETV Bharat / state

বঙাইগাঁৱৰ ৰঙাপানীত বাহনসহ অবৈধ কাঠ জব্দ - MANAS NATIONAL PARK ASSAM

বঙাইগাঁও জিলাৰ ৰঙাপানীত বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ ৷ আৰক্ষীৰ অভিযানত জব্দ হয় এই বৃহৎ পৰিমাণৰ কাঠখিনি ৷ আৰক্ষীৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ অভিযোগ, সকলো দেখিও নীৰৱ দৰ্শকৰ ভূমিকাত বন বিভাগ ৷

বঙাইগাঁৱৰ ৰঙাপানীত বাহনসহ অবৈধ কাঠ জব্দ
বঙাইগাঁৱৰ ৰঙাপানীত বাহনসহ অবৈধ কাঠ জব্দ
author img

By

Published : Feb 13, 2020, 8:25 PM IST

বঙাইগাঁও,13 ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ ৰঙাপানীত মেৰেৰচৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া নৱজ্যোতি ৰায়ে নিশা গোপন তথ্যৰ ভিত্তিত জব্দ কৰে AS-19A-C1130 নম্বৰৰ বলেৰো পিকআপসহ বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ কৰে। কাঠখিনি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অভয়াপুৰী-লেংটিছিঙা হৈ ৰঙাপানী লৈ নি আছিল। অভিযানৰ সময়ত আন্ধাৰৰ সুযোগ লৈ চালক হেণ্ডিমেনৰ পলায়ন কৰে বুলি জনা গৈছে । মূল্যবান কাঠখিনিৰ বজাৰ মূল্য ৫ লক্ষাধিক টকা হ'ব বুলি ধাৰণা কৰা হৈছে। লেংটিছিঙাৰ এজন কাঠ বেপাৰীয়ে প্ৰায় প্ৰতি নিশাই এনেদৰে অবৈধ ভাৱে কাঠখিনি সৰবৰাহ কৰি আহিছে বুলি অভিযোগ উঠিছে। যিসময়ত বনবিভাগে নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰাৰ বিপৰীতে মেৰেৰচৰ আৰক্ষীৰ অভিযানক প্ৰকৃতিপ্ৰেমী ৰাইজে সন্তষ্টি প্ৰকাশ কৰিছে ৷

ৰঙাপানীত বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ

লগতে চাওকঃ হাজেলাৰ বিৰুদ্ধে এন আৰ চি ৰ তথ্য সলনিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.