ETV Bharat / state

এখন গাঁৱত ঘৰে ঘৰে নিষিদ্ধ ভাং খেতি - ড্ৰাগছ মাফিয়া

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তো ৰাজ্যখনত ব্যাপক হাৰত বৃদ্ধি পাইছে নিচাযুক্ত সামগ্ৰীৰ ব্যৱহাৰ । আৰক্ষী-প্ৰশাসনে নিতৌ ন ন তথ্যৰ ভিত্তিত অভিযান চলাই বহু ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে কোটি কোটি টকাৰ ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী নষ্ট কৰিছে । কিন্তু ক’ৰ পৰা আহিছে এই নিচাজাতীয় সামগ্ৰীসমূহ !

cannabis cultivation
এইখন গাঁৱত ঘৰে ঘৰে নিষিদ্ধ ভাং খেতি
author img

By

Published : Aug 26, 2021, 5:24 PM IST

বঙাইগাঁও, 26 আগষ্ট : ৰাজ্যৰ নগৰাঞ্চল আৰু গ্ৰামাঞ্চলত সম্প্ৰতি বাৰুকৈয়ে প্ৰভাৱ পেলাইছে ড্ৰাগছে । যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহত পেলাইছে ড্ৰাগছে। উপাৰ্জন নথকা একাংশ যুৱ প্ৰজন্মই ড্ৰাগছ সেৱনৰ বাবে ধন নথকাত চুৰি-ডকাইত দৰে ঘটনা সংঘটিত কৰিবলৈ কুন্ঠাবোধ নকৰা হৈছে । যাৰ ফলত ৰাজ্যত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা ।

গ্ৰামাঞ্চলত নিয়োজিত প্ৰশাসনীয় ব্যক্তিসকলে এই অঞ্চলত কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে যে পৰিবেশ ভয়াবহ ফালে গতি কৰিব সেয়া নিশ্চিত । ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ সময়তে বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত কালিকুৰা দ্বিতীয় খণ্ড গাঁৱত নিষিদ্ধ ভাং খেতি কৰি একাংশই ব্যৱসায় অব্যাহত ৰাখিছে । গাঁওখনৰ অধিকাংশ লোকৰ ঘৰত কম পৰিমাণে কৰি হ’লেও ভাং খেতি কৰি থকা হৈছে ।

এইখন গাঁৱত ঘৰে ঘৰে নিষিদ্ধ ভাং খেতি

মেৰেৰচৰ আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় যুৱকসকল ৷ যাৰ বাবে বৃহস্পতিবাৰে অঞ্চলটোৰ একাংশ স্থানীয় যুৱকে ঘৰে ঘৰে গৈ নিষিদ্ধ ভাং খেতি কাটি তহিলং কৰে । স্থানীয় পঞ্চায়ত সদস্যৰ সহযোগত যুৱককেইজনে ভাং গছসমূহ কাটি দিয়ে । আনহাতে কালিকুৰা গাঁৱত যদি আন কাৰোবাৰ ঘৰত ভাং গছ থকাৰ সম্ভেদ লাভ কৰা হয়, তেন্তে সেই গছো কাটি পেলোৱাৰ কথা প্ৰকাশ কৰে পঞ্চায়ত সদস্য আৰু স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : কয়াকুছিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.