ETV Bharat / state

California Public University: ছিৰখাত হুছেইনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান - Rajasthan Mewar University

অসমৰ আন্ত:ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শিক্ষক ছিৰখাত হুছেইনক কেলিফ'ৰ্ণিয়া পাব্লিক বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান । অভয়াপুৰী মহাবিদ্যালয়ত অংশকালিন সহকাৰী অধ্যাপক হিচাপে শিক্ষকতা জীৱন আৰম্ভ কৰা হুছেইনে ইয়াৰ পূৰ্বে শিশুৰ সুৰক্ষা আৰু শিক্ষাৰ ক্ষেত্ৰত কাম কৰি বঁটা লাভ কৰিছিল (Abhayapuri College)।

California Public University
ছিৰখাত হুছেইনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান
author img

By

Published : Nov 26, 2022, 12:24 PM IST

বঙাইগাঁও, ২৬ নৱেম্বৰ: আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শিক্ষক ছিৰখাত হুছেইনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছে (Sirkhat Hussain awarded honorary doctorate degree)। দিল্লীত অনুষ্ঠিত সমাৱৰ্তনত প্ৰদান কৰা হ'ল এই সন্মান । শিক্ষাৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়োৱাৰ লগতে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত দুবাৰকৈ শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে মনোনীত হোৱা শিক্ষক ছিৰখাত হুছেইনক আমেৰিকাৰ কেলিফ'ৰ্ণিয়া পাব্লিক বিশ্ববিদ্যালয়ে প্ৰদান কৰিলে এই সন্মানীয় ডক্টৰেট ডিগ্ৰী (Ministry of Education Government of India) ৷

উল্লেখ্য় যে শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত কেলিফ'ৰ্ণিয়া পাব্লিক বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত এই সন্মান প্ৰদান কৰে বিশ্ববিদ্যায়খনৰ ডীন অধ্যাপক ড৹ অঞ্জয় এই (International Convocation of California Public University) ৷ অভয়াপুৰী মহাবিদ্যালয়ত অংশকালিন সহকাৰী অধ্যাপক হিচাপে শিক্ষকতা জীৱন আৰম্ভ কৰা ছিৰখাত হুছেইনে ইয়াৰ পূৰ্বে শিশুৰ সুৰক্ষা আৰু শিক্ষাৰ ক্ষেত্ৰত কাম কৰি বঁটা লাভ কৰিছিল (Abhayapuri College)। তদুপৰি তেওঁ যুৱ সমাজকৰ্মীৰূপে আন্তঃৰাষ্ট্ৰীয় যুৱ বিনিময় অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল ৷

ছিৰখাত হুছেইনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

উক্ত সমাৱৰ্তনত আফগানিস্তানৰ ভাৰতীয় দূতাবাসৰ বাণিজ্য় কাৰ্যালয়ৰ প্রধান কাদিৰ শ্বাহ (Office of Commerce of Afghanistan Embassy),কেনিয়াৰ ভাৰতীয় দূতাবাসৰ কূটনীতিক প্যাট্রিক ওধিয়াম্বো, জাপানৰ ভাৰতীয় দূতাবাসৰ মিশন উপ-প্রধান কাওয়াজু কুনিহিকো, কমোৰছৰ কনচুল জেনাৰেল কে এল গাঞ্জু, ৰাজস্থান মেৱাৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ডাঃ কে এস ৰাণা (Rajasthan Mewar University), গুৰগাঁৱৰ ষ্টৰেক্স বিশ্ববিদ্যালয়ৰ উপাচাৰ্য চর্দাৰ মহিন্দৰ সিং, দিল্লী লায়ন্ছ ক্লাৱৰ চার্টাৰ সভাপতি গৌৰব গুপ্তাকে আদি কৰি বিভিন্ন দেশৰ কেইবাগৰাকী ব্যাক্তিয়ে সম্মানীয় অতিথি ৰূপে উপস্থিত থাকে ৷ উল্লেখ্য যে, ছিৰখাত হুছেইনৰ ইউটিউৱ চেনেলে শৈক্ষিক ভিডিঅ' আপলোড কৰি ''ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ"ত নাম অন্তৰ্ভূক্ত কৰিবলৈও সক্ষম হৈছে (India Book of Records) ৷

লগতে পঢ়ক:Lachit Barphukan 400 Birth Anniversary: বাক্সাত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.