বঙাইগাঁও, 21 এপ্ৰিল: দেওবাৰে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন ৷ বঙাইগাঁও গান্ধী ময়দানত আয়োজিত অগপ - বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । সভাত ভাষণ প্ৰসংগত শৰ্মাই কয় যে, তৰুণ গগৈ আৰু কিছুদিন মুখ্যমন্ত্ৰী হৈ থকা হ'লে কংগ্ৰেছৰ চিহ্ন হাত নহয় ধুতি - লুঙী হ'লহেতেন । তৰুণ গগৈৰ গাত বদৰুদ্দিন আজমলৰ তেজ আছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
সভাত উপস্থিত আছিল মন্ত্ৰী ফণীভূষণ চৌধুৰী, প্ৰাক্তন বিধায়ক ভূপেন ৰায় আৰু বহু সংখ্যক অগপ - বিজেপিৰ নেতা কৰ্মী ৷