ETV Bharat / state

মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে স্থাপন কৰিলে বজাৰ গৃহ - বঙাইগাঁও

বঙাইগাঁৱত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আধাৰশিলা স্থাপন কৰিলে চিলাৰায় সপ্তাহিক বজাৰৰ সমূহীয়া গৃহৰ । ৪০ লাখ টকা ব্যায় সাপেক্ষে নিৰ্মাণ হ'ব গৃহটো ।

phanibhusan choudhury
phanibhusan choudhury
author img

By

Published : Jun 13, 2020, 4:50 PM IST

চিৰাং, 13 জুন : শনিবাৰে বঙাইগাঁও পৌৰ সভাৰ অন্তৰ্গত চিলাৰায় সপ্তাহিক বজাৰ(বাহ বজাৰ)ৰ সমুহীয়া বজাৰ গৃহৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ অসামৰিক যোগান মন্ত্ৰী তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে । ৪০ লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'ব এই বজাৰগৃহ । বঙাইগাঁও চহৰৰ মাজমজিয়াত থকা এইখন সপ্তাহিক বজাৰত দীৰ্ঘদিনৰ পৰাই নাছিল কোনো সমুহীয়া বজাৰ গৃহ । আধাৰশিলা স্থাপনে বঙাইগাঁও পৌৰসভা এলেকাত এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰাৰ আশা উদ্ভাসিত কৰিছে ।

মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে স্থাপন কৰিলে বজাৰগৃহ

বঙাইগাঁও বিধানসভা সমষ্টিত একেৰাহে ৩৫ বছৰৰ পৰা বিধায়ক হৈ থকা ফণীভূষণ চৌধুৰী কেইবাবাৰো মন্ত্ৰী হোৱাৰ পাচতো নিজৰ ঘৰৰ কাষতে থকা এইখন বজাৰৰ দুৰৱস্থা দৃষ্টিগোচৰ হোৱা নাছিল । কিন্তু এইবাৰ বঙাইগাঁও পৌৰসভাৰ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনায় বজাৰৰ সমুহীয়া গৃহৰ নিৰ্মাণৰ ব্যৱস্থা কৰি আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাত চোকা অস্ত্ৰৰে আক্ৰমন এটা পৰিয়ালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.