ETV Bharat / state

কোনে ড্ৰাগছ ৰাখিছিল আনছেৰৰ বাসগৃহত ?

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 7:36 AM IST

মানিকপুৰ আৰক্ষীৰ কাণ্ডত দিশহাৰা হৈছে এটা পৰিয়াল ৷ ঘটনাৰ তদন্ত নকৰাকৈ আনৰ প্ৰৰোচনাত পৰি এজন লোকক শোৱাপাটীৰ পৰা উঠাই ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

drugs seized in Manikpur
কোনে ড্ৰাগছ ৰাখিছিল আনছেৰৰ বাসগৃহত?
কোনে ড্ৰাগছ ৰাখিছিল আনছেৰৰ বাসগৃহত?

বঙাইগাঁও, 29 নৱেম্বৰ : বঙাইগাঁও জিলাৰ মানিকপুৰত আজৱকাণ্ড সংঘটিত হৈছে ৷ মানিকপুৰ আৰক্ষীৰ কাণ্ডত দিশহাৰা হৈছে এটা পৰিয়াল ৷ ঘটনাৰ তদন্ত নকৰাকৈ আনৰ প্ৰৰোচনাত পৰি এজন লোকক শোৱাপাটীৰ পৰা উঠাই ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাৰ পিচতে পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বঙাইগাঁও জিলাৰ 2 নং ভাণ্ডাৰৰ নিবাসী আনছেৰ আলী নামৰ লোকজন কৰ্মসূত্ৰে বহিঃৰাজ্যত আছিল । শেহতীয়াকৈ তেওঁৰ কন্যাৰ বিবাহৰ দিন ঠিক হৈছিল ৷ সেইবাবে সুদীর্ঘ 4 বছৰ পাচত নিজ কন্যাৰ বিবাহৰ উপলক্ষে যোৱা 22 নৱেম্বৰত নিজ বাসগৃহলৈ উভতি আহিছিল আনছেৰ আলী।

তেওঁ আহি পোৱাৰ এদিনৰ পিচতে অৰ্থাৎ 23 নৱেম্বৰৰ নিশা মানিকপুৰ আৰক্ষীৰ এটা দলে অতৰ্কিতে আনছেৰৰ বাসগৃহত প্ৰৱেশ কৰি তেওঁক শোৱাপাটীৰ পৰা উঠাই আনি ৰান্ধনীশালত সোমাই এটা বস্তাৰ পৰা ৰহস্যজনকভাৱে ড্ৰাগছ ভৰ্তি ৫ টা প্লাষ্টিক কণ্টেইনাৰ জব্দ কৰে ৷ তাৰ পিচতে আৰক্ষীয়ে আনছেৰ আলীক গ্ৰেপ্তাৰ কৰি জে‘ল হাজোতলৈ প্ৰেৰণ কৰে ৷

এই সমগ্ৰ ঘটনাৰ পিচতে আলীৰ পৰিয়ালৰ লোক হতভম্ব হৈ পৰে ৷ এই ঘটনাত পৰিয়ালৰ লোকে ৰহস্যৰ গোন্ধ পাইছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়ামতে পূৰ্বতে ওচৰৰ এজন ব্যক্তিৰ লগত মতানৈক্য হৈছিল আনছেৰৰ ৷ গতিকে তেনে কোনো লোকৰ চক্ৰান্তৰ বলি হ’ল আনছেৰ বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে ৷

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি আনছেৰ আলী নিৰ্দোষী, তেওঁৰ পৰিয়ালৰ পূৰ্বৰ শত্ৰুৱে পৰিয়ালটোক হাৰাশাস্তি কৰিবলৈ আৰক্ষীক বিপথে পৰিচালিত কৰি এই ঘটনা সংঘটিত কৰিছে। লগতে আৰক্ষীয়ে পৰিয়ালটোৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। ভুক্তভোগী পৰিয়ালটোৱে এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ প্ৰশাসনৰ উৰ্দ্ধতম কৰ্তৃপক্ষক আহ্বান জনাইছে ৷

লগতে পঢ়ক: বিষাক্ত দ্ৰব্য সেৱন কৰি চাৰি বান্ধৱীৰ আত্মহননৰ চেষ্টা, এগৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.