ETV Bharat / state

পথাৰত চিৰাল ফাঁট : মূৰে-কপালে হাত দিছে কৃষকে - agriculture department assam

এতিয়া খেতিৰ ভৰপক সময় ৷ শাওনৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত হৈ পৰিছে কৃষক-ৰোৱনী সকল ৷ কিন্তু ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়া পৰিলক্ষিত হৈছে ইয়াৰ ওলোটা ছবি ৷ কাৰণ বৰষুণ নাই ৷ চিৰাল ফাঁট মেলিছে খেতিৰ পথাৰত ৷

drought-situation-in-bongaigaon-farmer-appeals-for-help-to-agriculture-department
বঙাইগাঁৱৰ পথাৰত চিৰাল ফাঁটঃ
author img

By

Published : Aug 12, 2021, 6:56 PM IST

অভয়াপুৰী,12 আগষ্ট: শাওন মাহ মানেই কৃষকৰ সকলৰ এক অতি ব্যস্ততাপূৰ্ণ মাহ ৷ এই মাহতেই অতি আনন্দ উল্লাসেৰে পথাৰত ভূই ৰোৱাত ব্যস্ত হৈ পৰে প্ৰতিজন কৃষক ৷ আন জিলা সমূহৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ কোকিলা,নাম্বাৰপাৰা,শৌলমাৰীত অতি হেঁপাহেৰে ৰুইছিল ভূই ৷ কিন্তু খৰাং বতৰৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক সকলে ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত বৰষুন নোহোৱাত ধননি পথাৰত মেলিছে চিৰাল ফাঁট ৷

অতি লক্ষ্যণীয়ভাৱে বৰষুণৰ অভাৱত চিৰাল ফাঁট মেলা পথাৰত কৃত্ৰিম পদ্ধতিৰে পানী দিয়াৰ বাবেও নাই কোনো পৰ্যাপ্ত ব্যৱস্থা ৷ নাই চৰকাৰী জলসিঞ্চন বিভাগৰ সুবিধা ৷ ইফালে পেট্ৰ’ল-ডিজেল আদি ইন্ধনজাত সামগ্ৰীৰে চালিত মেছিন চলাই পথাৰত পানী যোগান ধৰিবলৈও আৰ্থিকভাৱে টনকীয়াল নহয় অঞ্চলটোৰ কৃষক সকল ৷ যাৰ বাবে উপায়ন্তৰ হৈ মূৰে-কপালে হাতদিবলগীয়া অৱস্থা হৈছে কৃষক সকলৰ ৷

লগতে পঢ়ক : সঞ্জয় কিষাণক মন্ত্ৰীত্বৰ পৰা বহিস্কাৰৰ দাবী অসম জাতীয় পৰিষদৰ

মন কৰিবলগীয়া যে, শেহতীয়াকৈ ৰাজ্যত দেখা দিয়া খৰাং পৰিস্থিতিয়ে উদঙাইছে চৰকাৰী নেতা-আমোলাৰ মুখত আখৈ ফুটাদি ফুটা কৃষি বিভাগৰ আমূল পৰিবৰ্তনৰ প্ৰকৃত ছবিখন ৷ ৰাজ্যৰ ব্যাগোম কৃষি বিভাগটোত এতিয়া যেন কেৱল অৰাজকতা আৰু অৰাজকতা ৷

প্ৰতিখন মেলে মিটিঙে বিভাগটোৰ মন্ত্ৰী-আমোলাই কৃষি বিভাগত আমূল পৰিৱৰ্তন হোৱাৰ কথা উল্লেখ কৰে যদিও সেই উন্নয়ন যেন এতিয়া ভালুকৰ সাঙীলৈ পৰিণত হৈছে ৷ কৃষি বিভাগটোৰ বিৰুদ্ধে সততে উত্থাপিত হৈছে ইটোৰ পিছত সিটো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ পি এম কিষাণ আঁচনিৰ অধীনত লাখ লাখ টকা কৃষকৰ একাউণ্টত সুমুৱাই দিয়াৰ ব্যৱস্থা কৰিছে যদিও সেয়াও ভেকোভাৱনাত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ বঞ্চিত হিতাধিকাৰীয়ে ৷

লগতে পঢ়কঃ মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে গছপুলি ৰোপণ কৰা গাওঁখন...

একাংশ বঞ্চিত কৃষকৰ অভিযোগ মতে, প্ৰকৃত কৃষকৰ সলনি ৰাজনৈতিক নেতাৰ পালি-পহৰীয়াই হে লাভ কৰি আছে কিষাণ ক্ৰেডিট কাৰ্ডৰ ব্যৱস্থা ৷ নামমাত্ৰ বিধান দিয়েই দায়িত্ব সামৰিছে বিয়াগোম কৃষি বিভাগে ৷ নাই কোনো জলসিঞ্চনৰ ব্যৱস্থা ৷ কিন্তু বছৰি কৌটি কৌটি টকা আৱন্টন দিয়ে চৰকাৰে ৷ মুঠৰ ওপৰত অসমত কৃষি বিভাগটো যেন এক অৰাজকতাৰ মাজেৰেই চলি আছে ৷

লগতে পঢ়কঃ বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ডিব্ৰুগড়ৰ ৰাইজে পাতিলে ভেকুলীৰ বিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.